
নলবাৰী, ০৩ আগষ্ট (হি.স.)। নলবাৰী জাপাৰকুছিত দিন দুপৰতে পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ৷নলবাৰীত সঘনাই হৈ থকা চুৰিকাৰ্যৰ পিছত আজি জাপাৰকুছিৰ পথৰ কাষত দুপৰীয়া উদ্ধাৰ হয় বহুতো কাহ- পিতলৰ চুৰি সামগ্ৰী৷
ইতিমধ্যে নলবাৰী সদৰ থানাই জাপাৰকুছিৰ পথৰ কাষৰ পৰা উদ্ধাৰ কৰে পূজাত ব্যবহৃত সামগ্ৰী সহ কিছু আন কাহ- পিতলৰ বাচন বৰ্তন৷উল্লেখযোগ্য যে কিছুদিন ধৰি নলবাৰীৰ চহৰৰ বিভিন্ন প্ৰান্তত দিনতে এতিয়া চোৰে চুৰি কাৰ্য সংঘটিত হৈ আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ