সজ্জন কুমাৰৰ ঘৰলৈ যোৱা তিনিজন বিজেপি সাংসদৰ বিৰুদ্ধে দলৰ কঠোৰ স্থিতি, নীতিন নবীনে কৰিলে তলৱ
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত হোৱা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যুৰ পিছত শোক প্ৰকাশ কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হোৱা তিনিজন সাংসদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। শুকুৰবাৰ
भाजपा


নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত হোৱা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যুৰ পিছত শোক প্ৰকাশ কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হোৱা তিনিজন সাংসদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে তিনিওজন সাংসদক মাতি আনি অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ এই কাৰ্যৰ বাবে ভতৰ্সনা দিয়ে।

ভতৰ্সনাৰ সন্মুখীন হোৱা সাংসদসকলৰ ভিতৰত আছে দক্ষিণ দিল্লীৰ সাংসদ ৰামবীৰ সিং বিধুৰী, উত্তৰ পশ্চিম দিল্লীৰ সাংসদ যোগেন্দ্ৰ চান্দোলিয়া, পশ্চিম দিল্লীৰ সাংসদ কমলজীত ছেহৰাৱত।

এই ঘটনাক লৈ ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষত ভুক্তভোগীৰ হৈ আইনী যুদ্ধত লিপ্ত হোৱা জ্যেষ্ঠ নেতা এইচ. এছ ফুলকাইও তীব্ৰ আপত্তি প্ৰকাশ কৰে।

অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ এক্সত উল্লেখ কৰে যে গণহত্যাকাৰী সজ্জন কুমাৰৰ ঘৰলৈ গৈ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ বাবে তেওঁ তিনিজন সাংসদ—কমলজীত ছেহৰাৱত, ৰামবীৰ সিং বিধুৰী, আৰু যোগেন্দ্ৰ চাণ্ডোলিয়াক তীব্ৰ গৰিহণা দিয়ে। এই দোষীসকলৰ বিৰুদ্ধে আমাৰ ন্যায়ৰ যুঁজত বিজেপিয়ে সদায় সমৰ্থন কৰি তেওঁলোকক জেলত ৰখাত সহায় কৰি আহিলেও এনে হৈছে। ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়াললৈ সহানুভূতি প্ৰকাশ কৰা উচিত – যাৰ বহুতেই এতিয়াও সেই দিনৰ ভয়ৰ ছাঁত জীয়াই আছে।

এই তিনিজন সাংসদক বৰ্জন কৰিবলৈ দাবী জনায়।

দলৰ সভাপতিৰ এই কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰি তিনিওজন সাংসদক মাতি আনি সকলোৰে পৰা উত্তৰ বিচৰা এইচ. ফুলকাই কয় যে বিজেপিৰ স্থিতি আৰম্ভণিৰে পৰাই স্পষ্ট হৈ পৰিছে। ৪২ বছৰ ধৰি দলটোৱে দোষীক শাস্তি আৰু ভুক্তভোগীক ন্যায়ৰ দাবী জনাই আহিছে আৰু এই যুঁজখনক পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে। ইয়াৰ বাবে মদন লালকে ধৰি বহু নেতাই যুঁজ দিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande