নেপালঃ ১১টা জলবিদ্যুৎ প্ৰকল্পত নিৰুদ্দেশ হৈ আছে ৮৯৮জন
কাঠমাণ্ডু, ২৯ আগষ্ট (হি.স.)। নেপালৰ ৰাছুৱাৰ বানপানীৰ বাবে এতিয়াও ১১টা জলবিদ্যুৎ প্ৰকল্পত ৮৯৮জন লোক সন্ধানহীন হৈ আছে। ব্যক্তিগত শক্তি উৎপাদক সংস্থা ইপ্পনে প্ৰকাশ কৰা তথ্য অনুসৰি সৰ্বাধিক লোক নিৰুদ্দেশ হৈছে উচ্চ ত্ৰিশুলি-১ প্ৰকল্পৰ, ৫৭৬ জন। ৰাছুৱাত
नुवाकोट स्थित एक हाइड्रोपावर प्रोजेक्ट


কাঠমাণ্ডু, ২৯ আগষ্ট (হি.স.)। নেপালৰ ৰাছুৱাৰ বানপানীৰ বাবে এতিয়াও ১১টা জলবিদ্যুৎ প্ৰকল্পত ৮৯৮জন লোক সন্ধানহীন হৈ আছে। ব্যক্তিগত শক্তি উৎপাদক সংস্থা ইপ্পনে প্ৰকাশ কৰা তথ্য অনুসৰি সৰ্বাধিক লোক নিৰুদ্দেশ হৈছে উচ্চ ত্ৰিশুলি-১ প্ৰকল্পৰ, ৫৭৬ জন।

ৰাছুৱাত অৱস্থিত এই প্ৰকল্পৰ ক্ষমতা ২১৬ মেগাৱাট। ইফালে ৰাসুৱাগাঢ়ী জলবিদ্যুৎ প্ৰকল্পত নিৰুদ্দেশ হৈছে ৯৩জন।

ইপ্পনৰ তথ্য অনুসৰি ৰাছুৱা-ভোটেকোছি জলবিদ্যুৎ প্ৰকল্পত চাৰিজন লোক সন্ধানহীন হোৱাৰ বিপৰীতে লাংটাং জলবিদ্যুৎ প্ৰকল্পত সন্ধানহীন হৈ আছে ৪২জন। একেদৰে চিলিমেত ৮জন আৰু মেলুং খোলা জলবিদ্যুৎ প্ৰকল্পত ৭জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

নুৱাকোটৰ ফালৰ পৰা আপাৰ ত্ৰিশুলি-৩বি প্ৰকল্পৰ পৰা সৰ্বাধিক লোক নিৰুদ্দেশ হৈছে। ইপ্পনৰ শেহতীয়া তথ্য অনুসৰি এই প্ৰকল্পৰ পৰা ১২২ জন লোক নিৰুদ্দেশ হৈছে।

উচচ ত্ৰিশুলি-৩এ প্ৰকল্পৰ পৰা নিৰুদ্দেশ হৈছে ৪২ জন লোক। মধ্য ত্ৰিশুলী গংগা প্ৰকল্পৰ পৰা দুজন লোক, আৰু ত্ৰিশুলি জলবিদ্যুৎ প্ৰকল্প আৰু দেৱীঘাট জলবিদ্যুৎ প্ৰকল্পৰ পৰা এজনকৈ লোক নিৰুদ্দেশ হৈছে।

আইপিএনে প্ৰকাশ কৰা অনুসৰি উচ্চ ত্ৰিশুলি-১, উচ্চ ত্ৰিশুলি-৩এ, আৰু ৩বিৰ সুৰংগত প্ৰায় ৩০০ লোক আবদ্ধ হৈ আছে।

এই পৰ্যন্ত ৩৬১ জন লোকক জলবিদ্যুৎ প্ৰকল্পৰ পৰা উদ্ধাৰ কৰা হৈছে। ইয়াৰে ২৫৪জনক উচ্চ ত্ৰিশুলি-১ৰ পৰা আৰু ১৮টা লাংটাঙৰ পৰা উদ্ধাৰ কৰা হৈছে। ত্ৰিশুলি-৩বি প্ৰকল্পৰ পৰা ৯১ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande