নেপালে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে বন্ধুত্বপূৰ্ণ দেশৰ পৰা বিচাৰিছে কাৰিকৰী সহায়
কাঠমাণ্ডু, ২৯ আগষ্ট (হি.স.)। বৈদেশিক মন্ত্ৰী শিশিৰ খানালে উল্লেখ কৰে যে দেশত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ পিছত সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চৰকাৰে বন্ধু দেশৰ পৰা বিভিন্ন কাৰিকৰী সাহায্য বিচাৰিছে। মন্ত্ৰী খানালে উল্লেখ কৰে যে ফৰেনছিক সাম
नेपाल के विदेश मंत्री शिशिर खनाल


কাঠমাণ্ডু, ২৯ আগষ্ট (হি.স.)। বৈদেশিক মন্ত্ৰী শিশিৰ খানালে উল্লেখ কৰে যে দেশত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ পিছত সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চৰকাৰে বন্ধু দেশৰ পৰা বিভিন্ন কাৰিকৰী সাহায্য বিচাৰিছে।

মন্ত্ৰী খানালে উল্লেখ কৰে যে ফৰেনছিক সামৰ্থ্য বৃদ্ধি আৰু দুৰ্গম অঞ্চললৈ সকাহ প্ৰদানৰ বাবে আধুনিক প্ৰযুক্তিৰ প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে নেপালৰ বৰ্তমানৰ ফৰেনছিক ক্ষমতা ৰাছুৱা আৰু অন্যান্য জিলাত অচিনাক্ত মৃতদেহ চিনাক্ত কৰিবলৈ অপৰ্যাপ্ত। বহিঃৰাজ্য চৰকাৰক মৃতদেহ চিনাক্তকৰণৰ বাবে ডি এন এ পৰীক্ষা আৰু প্ৰতিবেদনত সহায় আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande