
কাঠমাণ্ডু, ২৩ আগষ্ট (হি.স.)। নেপালৰ শাসকীয় ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ সভাপতি ৰবি লামিচানেৰ ভ্ৰমণ স্থগিত ৰখা হৈছে। লামিচানেয়ে ২৩-৩০ আগষ্টৰ পৰা চীন ভ্ৰমণৰ কথা আছিল ।
আগষ্ট মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া এই ভ্ৰমণ ছেপ্টেম্বৰৰ মাজভাগলৈ পিছুৱাই দিয়াৰ কথা পূৰ্বে তেওঁৰ সচিবালয়ে ঘোষণা কৰিছিল যদিও এতিয়া তেওঁৰ চীন ভ্ৰমণ বাতিল কৰা হৈছে ।
পূৰ্বে খবৰ ওলাইছিল যে লামিচানে ২৩-৩০ আগষ্টলৈ চীন ভ্ৰমণৰ বাবে পত্নী নিকিতা পৌডিয়ালকে ধৰি পাঁচজনীয়া প্ৰতিনিধি দলৰ নেতৃত্ব দিয়াৰ কথা আছিল। বেইজিং ভ্ৰমণৰ পিছত তেওঁ তিব্বতৰ কৈলাশ মানছাৰোভাৰ ভ্ৰমণৰ পৰিকল্পনাও কৰিছিল । সূত্ৰ অনুসৰি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰাৰ লগতে নেপালৰ ঘৰুৱা ৰাজনৈতিক আৰু অন্যান্য পৰিস্থিতিৰ কিছু পৰিৱৰ্তনৰ বাবে লামিচানে ভ্ৰমণ পিছুৱাই দিছে ।
নতুন তাৰিখৰ বিষয়ে সোধাত সচিবালয়ে কেৱল কয় যে এই ভ্ৰমণ উপযুক্ত সময়ত হ’ব। লামিচানেৰ ঘনিষ্ঠ এজন নেতাই কয় যে এই ভ্ৰমণ সম্পূৰ্ণৰূপে পিছুৱাই দিয়া হৈছে বুলি ক’লে শুদ্ধ নহ’ব যদিও অধ্যক্ষ কেতিয়া চীন ভ্ৰমণ কৰিব সেয়া নিশ্চিত নহয়।
ইফালে, নেপালী সাংসদৰ এটা প্ৰতিনিধি দলে চীন ভ্ৰমণৰ বাবে সাতদিনীয়া যাত্ৰা আৰম্ভ কৰাৰ কথা। বেইজিঙত অনুষ্ঠিত হ’বলগীয়া উন্নয়নশীল দেশসমূহৰ সংসদ সদস্যসকলৰ অষ্টম আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে সোমবাৰে চীনলৈ ৰাওনা হ’ব পাঁচজনীয়া দলটো। প্ৰতিনিধি সদনৰ আৰ এছ পি সাংসদ কমল চুবেদীৰ নেতৃত্বত এই প্ৰতিনিধি দলটোত আছে ৰাষ্ট্ৰীয় বিধানসভাৰ সাংসদ জক্কু চুবেদী আৰু প্ৰতিনিধি সদনৰ সদস্য যজ্ঞ বাহাদুৰ বোগাটি কিৰণ বাবু শ্ৰেষ্ঠা আৰু ফেডাৰেল সংসদৰ উপ সম্পাদক শাৰদা ভাণ্ডাৰী।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ