মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল ১২ টাকৈ ছাইবাৰ অপৰাধী
মৈৰাবাৰী আৰক্ষীৰ জালত ১২ টাকৈ ছাইবাৰ অপৰাধী।
মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল ১২ টাকৈ ছাইবাৰ অপৰাধী


মৰিগাঁও, ০২ আগষ্ট (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে শনিবাৰে দুপৰীয়া ১২ টাকৈ ছাইবাৰ অপৰাধী আটক কৰে । বিধায়ক আছিফ ম: নাজাৰে বিধান সভাত চাইবাৰ অপৰাধৰ বিষয়টো উথাপন কৰাৰ পিছতে তৎপৰ হৈ পৰিছে মৰিগাঁও আৰক্ষীৰ । জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত কৰা হয় ।

অভিযানকাৰী দলটোৱে ছাইবাৰ অপৰাধৰ অভিযোগত মৈৰাবাৰী থানাৰ অধীনৰ আশ্ৰাফুল আলম, মিকিৰভেটা থানাৰ অধীনৰ ইকবাল হুছেইন আৰু ৰশিদুল ইছলাম, তথা লহৰিঘাট থানাৰ অধীনৰ আজাহৰুল ইছলাম, হাফিজ উদ্দিন, জিয়াৰুল ইছলাম, বাবুল ইছলাম, ইনামূল কৰিম, জয়দুল ইছলাম আৰু মহিবুল ইছলাম নামৰ লোক কেইজনক কৰায়ত্ত কৰে । আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও এটিএম কাৰ্ড, ১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ, নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande