
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণক স্বদেশী, সমৃদ্ধি, আত্মনিৰ্ভৰশীলতাৰ সংকল্পৰে ৰঞ্জিত বুলি অভিহিত কৰি কয় যে ভাৰতৰ সকলো খণ্ডতে আগশাৰীৰ ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ই এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।
অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ‘ড্ৰাগছমুক্ত ভাৰত’, ‘নিৰাপদ ভাৰত’ আৰু ‘ৰাষ্ট্ৰ প্ৰথম’ৰ মনোভাৱেৰে উন্নত ভাৰত গঢ়ি তোলাৰ এক বিস্তৃত ৰোডমেপ দাখিল কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত ১২ বছৰত অৰ্ধপৰিবাহী, জটিল খনিজ পদাৰ্থ, শক্তি আৰু ৰে’ল পৰিবহণৰ দৰে খণ্ডত অভূতপূৰ্ব অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি দেশখনক নতুন উচ্চতালৈ লৈ যোৱা আৰু সকলো খণ্ডতে স্বাৱলম্বী কৰি তোলাৰ বাবে ‘সপ্তধৰা’ অৰ্থাৎ সাতটা শক্তিৰ মন্ত্ৰ আগবঢ়ায়।
শ্বাহে কয় যে দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাক সদ্ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এবছৰত এক কোটিৰো অধিক যুৱক-যুৱতীক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ দিয়া, বিনামূলীয়া অনলাইন প্ৰশিক্ষণৰ নেটৱৰ্ক স্থাপন কৰা, ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্ৰতিভা সন্ধান অভিযান আৰম্ভ কৰা আদি গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। তদুপৰি ২০৪৭ চনৰ ভিতৰত পাৰমাণৱিক শক্তিৰ ক্ষমতা ১০০ গিগাৱাটলৈ বৃদ্ধি কৰাৰ লগতে আঠটা নতুন অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ভাষণ স্বাৱলম্বীতা, সমৃদ্ধি, আত্মনিৰ্ভৰশীলতাৰ সংকল্পৰ পৰা অনুপ্ৰাণিত। এই ভাষণে ভাৰতক প্ৰতিটো ক্ষেত্ৰতে আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।
আন এটা পোষ্টত অমিত শ্বাহে স্বাধীনতা আন্দোলনৰ সময়ত জনসাধাৰণক অনুপ্ৰাণিত কৰা বন্দে মাতৰম নামৰ ৰাষ্ট্ৰীয় গীতটো ৮০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ প্ৰাচীৰৰ পৰা গোৱাক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱাটো তেওঁৰ বাবে এক ৰোমাঞ্চকৰ আৰু গৌৰৱৰ অভিজ্ঞতা আছিল বুলিও তেওঁ কয়। এই মুহূৰ্তটোৱে তেওঁৰ সমগ্ৰ শৰীৰত এক ৰোমাঞ্চ পঠিয়াই দিলে আৰু তেওঁ অত্যন্ত উৎসাহিত হৈ পৰিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া