মহাৰাষ্ট্ৰৰ সতৰা জিলাত বিদ্যুৎস্পৃষ্ট হৈ এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু
মুম্বাই, ০৮ জুলাই (হি.স.)। মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ ফলটন তহচিলৰ খামগাঁৱত বুধবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয়। ঘটনাৰ তদন্ত কৰি থকা এজন আৰক্ষী বিষয়াই জনোৱা মতে, খামগাঁৱত এডাল ছিগা তাঁৰ ইয়াৰ মেইন লাইনত পৰি ছিগা তাঁৰৰ ম
फोटो: सातारा जिले के खामगांव में छानबीन कर रही पुलिस टीम


মুম্বাই, ০৮ জুলাই (হি.স.)। মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ ফলটন তহচিলৰ খামগাঁৱত বুধবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয়।

ঘটনাৰ তদন্ত কৰি থকা এজন আৰক্ষী বিষয়াই জনোৱা মতে, খামগাঁৱত এডাল ছিগা তাঁৰ ইয়াৰ মেইন লাইনত পৰি ছিগা তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। এই তাঁৰডালকে এজনৰ পাছত আনজনে স্পৰ্শ কৰাত সতীশ কিষাণ শিণ্ডে (৪৫), পত্নী গংগু শিণ্ডে (৪২) আৰু তেওঁলোকৰ সন্তান শচীন আৰু আৰতি ইটোৰ পিছত সিটোৱে মৃত্যুবৰণ কৰে। চাৰিওজনেই একেটা পৰিয়ালৰ হোৱাৰ বাবে গাঁওখনতে শোক বিয়পি পৰিছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

সতৰাৰ আৰক্ষী অধীক্ষক নিখিল পিংগলে কয় যে প্ৰাথমিক তদন্তত এটা কেবল ভাঙি ওভাৰহেড বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত বিদ্যুৎ প্ৰবাহৰ বৈ যোৱা দেখা গৈছে। পৰিয়ালটোৰ এজন সদস্যই কেবলটোৰ সংস্পৰ্শলৈ আহি বিদ্যুৎস্পৃষ্ট হয়। আন কিছুমানে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল আৰু লগতে বিদ্যুৎস্পৃষ্ট হৈছিল। বৰ্তমান এই গোচৰৰ প্ৰতিটো কোণৰ পৰা তদন্ত চলি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande