ফিফা বিশ্বকাপঃ পেনাল্টি শ্বুটআউটত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ড কোৱাৰ্টাৰ ফাইনেলত
–৭২ বছৰৰ পাছত চুইজাৰলেণ্ডে অন্তিম আঠটা স্থানলৈ আগবাঢ়িছে ভেংকুৱাৰ, ০৮ জুলাই (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মঙলবাৰে কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ৰোমাঞ্চকৰ পেনাল্টি শ্বুটআউটত ছুইজাৰলেণ্ডে অন্তিম আঠত প্ৰৱেশ কৰে। নিৰ্ধাৰিত ৯০ ম
मैच जीतने के बाद खुशी मनाते स्विट्जरलैंड के खिलाड़ी


–৭২ বছৰৰ পাছত চুইজাৰলেণ্ডে অন্তিম আঠটা স্থানলৈ আগবাঢ়িছে

ভেংকুৱাৰ, ০৮ জুলাই (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মঙলবাৰে কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ৰোমাঞ্চকৰ পেনাল্টি শ্বুটআউটত ছুইজাৰলেণ্ডে অন্তিম আঠত প্ৰৱেশ কৰে।

নিৰ্ধাৰিত ৯০ মিনিট ৩০ মিনিটৰ খেলখন গ’লবিহীন ড্ৰ’ত সমাপ্ত হোৱাৰ পিছত পেনাল্টি শ্বুটআউটৰ জৰিয়তে মেচখন নিৰ্ণয় কৰা হয়।

পেনাল্টি শ্বুটআউটত চুইজাৰলেণ্ডৰ গ’লৰক্ষক গ্ৰেগৰ কোবেলে কুচো হাৰ্নাণ্ডেজৰ পেনাল্টি ৰক্ষা কৰি দলটোৰ জয়ৰ ভেটি স্থাপন কৰে । ইয়াৰ পূৰ্বে কলম্বিয়াৰ ডেভিনছন ছানচেজৰ পেনাল্টি ক্ৰছবাৰত খুন্দা মাৰিছিল। ছুইজাৰলেণ্ডৰ মেনুৱেল আকাঞ্জীয়ে পেনাল্টি মিছ কৰিলেও ৰুবেন ভাৰ্গাছে নিৰ্ণায়ক কিকটোক ৰূপান্তৰিত কৰি দলটোক ঐতিহাসিক জয় প্ৰদান কৰে।

এই জয়ৰ জৰিয়তে ছুইজাৰলেণ্ডে ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।এতিয়া তেওঁলোকে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব ।

দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ সপোন ছিন্নভিন্ন হৈ পৰিছে কলম্বিয়াৰ । ইয়াৰ পূৰ্বে ২০১৪ চনৰ বিশ্বকাপত শেষ আঠত প্ৰৱেশ কৰিছিল যদিও এইবাৰ পেনাল্টি শ্বুটআউটত পৰাজয়ৰ সৈতে তেওঁলোকৰ অভিযানৰ অন্ত পৰে ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande