
নটিংহাম, ০৮ জুলাই (হি.স.)। ট্ৰেণ্ট ব্ৰীজত মঙলবাৰে অনুষ্ঠিত তৃতীয় টি-২০ আইত ভাৰতক ১২৫ ৰানত বিপুল ৰানেৰে পৰাস্ত কৰি পাঁচখন খেলৰ শৃংখলাত ২-০ গ’লত অগ্ৰগতি লাভ কৰে ইংলেণ্ডে । ২০২ ৰানৰ লক্ষ্য খেদি খেদি ইংলেণ্ডৰ বেগী বলাৰসকলৰ সন্মুখত ভাৰতৰ ছন্দ পতন ঘটি মাত্ৰ ৭৬ ৰানত অল আউট হয় ।
ভাৰতে আগ্ৰাসীভাৱে আৰম্ভ কৰিলে । অভিষেক শৰ্মা আৰু বৈভৱ সূৰ্যবংশীয়ে কিছু আকৰ্ষণীয় শ্বট খেলিলেও জোছ টংগু আৰু জোফ্ৰা আৰ্চাৰে আগতীয়াকৈ আঘাত দি ভাৰতীয় বেটিং লাইন ভাঙি পেলায় । ঈশান কিষাণ, শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল, আৰু শিৱম ডুবেয়েও বৃহৎ স্কোৰ কৰিবলৈ ব্যৰ্থ হয় । প্ৰথম ছয় অভাৰত ৫টা উইকেট হেৰুৱাই ভাৰতে ১১.৪ অভাৰত অল আউট হৈছিল।
ইংলেণ্ডৰ হৈ জোছ টংগুৱে সৰ্বাধিক সফল বলাৰ হিচাপে ৪টা উইকেট দখল কৰাৰ বিপৰীতে জোফ্ৰা আৰ্চাৰে তিনিটা আৰু আদিল ৰছিদে দুটা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে ইংলেণ্ডে ২০ অভাৰত ৭ উইকেটত ২০১ ৰান সংগ্ৰহ কৰিছিল। ফিল ছল্টে ৭০ ৰানৰ উজ্জ্বল ইনিংছ খেলাৰ বিপৰীতে ছেম কাৰানে ৪১ ৰানত অপৰাজিত হৈ থাকে । জছ বাটলাৰে ৩৬ ৰাণৰ অৰিহণা যোগায়। ভাৰতৰ হৈ ৰাজকুমাৰ যাদৱ আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰে।
এই জয়ৰ জৰিয়তে ইংলেণ্ডে শৃংখলাত ২-০ গ’লত অগ্ৰগতি লাভ কৰিছে আৰু এতিয়া পৰৱৰ্তী মেচত শৃংখলা জয় কৰাৰ সুযোগ লাভ কৰিব।
চমু স্ক'ৰ
ইংলেণ্ড: ২০১/৭ (২০ অভাৰ)
ফিল ছল্ট ৭০, ছেম কাৰাণ ৪১ নট আউট, প্ৰিন্স যাদৱ ২/৩০, হৰ্ষিত ৰানা ২/৪০।
ভাৰতঃ ৭৬ (১১.৪ অভাৰ)
বৈভৱ সূৰ্য্যবংশী ১৩, জোছ টংগুৱে ৪/২৮, জোফ্ৰা আৰ্চাৰ ৩/২৯, আদিল ৰছিদ ২/১৪।
ফলাফল: ইংলেণ্ডৰ ১২৫ ৰানত জয়লাভ, ২-০ ব্য়ৱধানত শৃংখলাত অগ্ৰগতি ।
-----------------
हिन्दुस्थान समाचार / अरविन्द राय