
কামৰূপ, ০৮ জুলাই (হি.স.)। ৰঙিয়া স্বস্তি হস্পিতালত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অস্ত্ৰোপচাৰ কৰাৰ পাচতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগক লৈয়ে এই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় । জানিব পৰামতে, ২ নং নকুলৰ ভবানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় চিকিৎসালয়খনত ।
একাংশ উত্তেজিত লোকে মূল প্ৰৱেশ দুৱাৰত তলা লগাই দিয়াৰ চেষ্টা চলায় । ইফালে মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । ঘটনাস্থলীত আৰক্ষীৰ দল তথা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । লগতে হস্পিতাল কৰ্তৃপক্ষৰ লগত প্ৰশাসনৰ লোকে আলোচনা কৰে।
আনহাতে ৰঙিয়াত ৰোগীৰ মৃত্যুৰ ঘটনাকলৈ চিকিৎসালয় কৰ্তৃপক্ষই মন্তব্য দাঙি ধৰিছে । ভূল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুৰ ঘটনা অস্বীকাৰ কৰে চিকিৎসা কৰ্তৃপক্ষই । অস্ত্ৰোপচাৰ কৰি ঘৰলৈ যাব দিয়াৰ পিছত অন্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰে চিকিৎসালয় কৰ্তৃপক্ষই ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা