
কামৰূপ, ০৮ জুলাই (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হৈছে এক আমোদজনক ঘটনা।
মদৰ নিচাত বন্ধুৰ মোবাইল চুৰি কৰি আৰক্ষীৰ জালত পৰিল এগৰাকী যুৱক।
প্ৰাপ্ত তথ্য়মতে,
তুলসীবাৰীৰ তফাজুল ইছলাম নামৰ যুৱকজন এতিয়া ৰঙিয়া থানাৰ আলহী
।
বন্ধুৰ লগত একলগে মদ খাই বন্ধুৰে মোবাইল চুৰি কৰি হাতে-লোটে ধৰা পৰিল তফাজুল ইছলাম ।
তফাজুলে স্বীকাৰো কৰিলে এয়া মদৰ নিচাৰ বাবেহে হৈছে ।
গোটেই ঘটনাটোৱে ৰাইজৰ মাজত হাহিৰ খোৰাকৰ সৃষ্টি কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা