
কোকৰাঝাৰ, ০৮ জুলাই (হি.স.): বিটিচিৰ যমদুৱাৰ সমষ্টিৰ দুই নম্বৰ দাওৱাগুৰীৰ হাৰাফুটা নদীৰ গুৰুত্বপূৰ্ণ দলংখন পাঁচ বছৰ পূৰ্বে ভাঙি পৰাৰ পিছৰে পৰা গাঁৱখনৰ ৰাইজে চৰম দুৰ্ভোগ ভুগি আহিছে । যমদুৱাৰ সমষ্টিৰ অন্তৰ্গত ২ নম্বৰ দাওৱাগুৰীত নতুন দলং নিৰ্মাণৰ কোনো ব্যৱস্থা নোহোৱাত বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, কৃষক, ব্যৱসায়ী তথা সাধাৰণ জনতাই প্ৰতিদিনে যমৰ যাতনা ভুগিবলগীয়া হৈছে । বিশেষকৈ বৰষুণৰ বতৰত পৰিস্থিতি অধিক জটিল হৈ পৰে।
গোসাঁইগাঁও চিকিৎসালয়লৈ কোনো ৰোগীক লৈ যাবলগীয়া হ’লে প্ৰায় ১২ কিলোমিটাৰ ঘূৰি যাবলগীয়া হয় । জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা বহু ৰোগীয়ে সময়মতে চিকিৎসা লাভ নকৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । কেতিয়াবা ৰাস্তাৰ বেয়া অৱস্থাৰ বাবে আধা বাটতেই নানা অসুবিধাৰ সৃষ্টি হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।পাঁচ বছৰ ধৰি গাঁৱবাসীয়ে নতুন দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ধৰণৰ সমাধান কৰিব পৰা নাই । ৰাইজে সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিসকলে অতি শীঘ্ৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়াৰ বাবে দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ