
হোজাই, ০৮ জুলাই (হি.স.): ৰাজ্যজুৰি বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছত অবৈধ কাঠ সৰবৰাহ আৰু অনুমতি অবিহনে চলি থকা কাঠৰ মিলৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰি তুলিছে বন বিভাগে । ইয়াৰ অংশ হিচাপে মঙলবাৰে বিয়লি লামডিং বন বিভাগৰ এটা বিশেষ দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই অবৈধভাৱে পৰিচালিত এখন কাঠ ফালাৰ মিলৰ সন্ধান লাভ কৰে । অভিযানকালত বিভিন্ন প্ৰজাতিৰ বৃহৎ পৰিমাণৰ কাঠ আৰু কাঠৰ মেচিনকে ধৰি একাধিক সঁজুলি জব্দ কৰা হয় । লামডিঙৰ অভয় শ্বইং টিমবাৰ মিলৰ পৰা বৃহৎ পৰিমাণৰ কাঠ আৰু অবৈধ কাঠৰ মিল জব্দ কৰা হয় ।
বন বিভাগে জনোৱা মতে, প্ৰয়োজনীয় অনুমতি অবিহনে মিলটো পৰিচালনা কৰা হৈছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিব । উল্লেখযোগ্য যে, প্ৰশাসনৰ চকু ফাঁকি দি একাংশ অসাধু ব্যৱসায়ীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে কঠফলা মিচিন স্থাপন কৰি বনসম্পদ লুণ্ঠন চলাই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছত এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাত ধাৰাবাহিকভাৱে অভিযান চলোৱা পৰিলক্ষিত হৈছে । বন বিভাগৰ ফালৰ পৰা জনোৱা হৈছে যে, বন আৰু পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত আগন্তুক দিনতো এনে অভিযান অধিক জোৰদাৰ কৰা হ'ব আৰু অবৈধ কাঠ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ