
তেহৰাণ (ইৰাণ), ০৮ জুলাই (হি.স.)। ইৰাণৰ কেইবাখনো চহৰ কঁপাইছে শক্তিশালী বিস্ফোৰণে। ইৰাকৰ নাজাফত থকা ইৰাকৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে আমেৰিকাৰ আক্ৰমণৰ খবৰ লাভ কৰি নিজ দেশলৈ ৰাওনা হৈছে। বৰ্তমান ইৰাণৰ নেতা আয়াতুল্লাহ ছায়িদ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত ব্যস্ত হৈ পৰিছে ইৰাণৰ শীৰ্ষ নেতৃত্ব। খামেনেইৰ মৃতদেহ নাজাফত আছে । ইয়াৰ পিছতে ইৰাকৰ কাৰ্বালাত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব। বৃহস্পতিবাৰে তেওঁক ইৰাণৰ মাছহাদত সমাধিস্থ কৰা হ’ব।
ইৰাণৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক আই আৰ আইবিৰ এক্স-পোষ্ট আৰু আমেৰিকাৰ নিউজ চেনেল চিএনএনৰ বাতৰি অনুসৰি ইৰাকৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান ইৰাকৰ পৰা তেহৰাণলৈ উভতি আহিছে । ইৰাণৰ প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে নাজাফলৈ গৈছিল। মঙলবাৰে নাজাফত উপস্থিত হয় খামেনেইৰ মৃতদেহ । ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে ইৰাক ভ্ৰমণ সম্পূৰ্ণ কৰি বুধবাৰে পুৱা (স্থানীয় সময়) নাজাফ এৰি থৈ যায়।
শোকগ্ৰস্ত দেশখনত আমেৰিকাৰ আক্ৰমণৰ সময়তে পেজেস্কিয়ানৰ এই প্ৰত্যাৱৰ্তন । হৰমুজ জলদ্বীপ অতিক্ৰম কৰা বাণিজ্যিক জাহাজসমূহৰ ওপৰত ইৰাণৰ আক্ৰমণৰ প্ৰতি প্ৰত্য়ুত্তৰ জনাই আমেৰিকাই সামৰিক আক্ৰমণ চলাইছিল। ইউ এছ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) এক্স-পোষ্টত এই কথা নিশ্চিত কৰিছে। চেণ্টকমে কয় যে আন্তঃৰাষ্ট্ৰীয় জলসীমাত বাণিজ্যিক জাহাজ আক্ৰমণ কৰাৰ বাবে ইৰাণে গধুৰ মূল্য দিব। ইৰাণে হৰমুজ জলদ্বীপ অতিক্ৰম কৰা তিনিখন বাণিজ্যিক জাহাজত আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। কমাণ্ডে উল্লেখ কৰে যে ইৰাণৰ আগ্ৰাসন যুদ্ধবিৰতিৰ স্পষ্ট উলংঘা ।
আল জাজিৰাৰ বাতৰি অনুসৰি দক্ষিণ ইৰাণৰ ছিৰিক আৰু কেছমৰ ওচৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। বান্দৰ আব্বাছৰ পূব আৰু পশ্চিমেও বিস্ফোৰণ সংঘটিত হয় । ইৰাণৰ সংবাদ মাধ্যমৰ মতে, ছিৰিক বন্দৰত বাণিজ্যিক আৰু মাছ ধৰা ঘাটত প্ৰজেক্টাইল (মিছাইল বা ৰকেট) খুন্দা মাৰে । ইয়াৰ পূৰ্বে মঙলবাৰে আমেৰিকাৰ কোষাগাৰ বিভাগে জুন মাহত ইৰাণক প্ৰদান কৰা অনুজ্ঞাপত্ৰ বাতিল কৰিছিল । এই অনুজ্ঞাপত্ৰৰ জৰিয়তে ইৰাণক ২১ আগষ্টলৈকে খাৰুৱা তেল আৰু আনুষংগিক সামগ্ৰী উৎপাদন, বিক্ৰী আৰু ডেলিভাৰী কৰিবলৈ সাময়িকভাৱে অনুমতি দিয়া হৈছিল । সংঘাতৰ চূড়ান্ত সমাধানৰ বাবে চলি থকা আলোচনাৰ মাজতে এই পদক্ষেপে তেহৰাণৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। ইৰাণৰ বন্দৰ চহৰ ছিৰিক, বান্দাৰ আব্বাছ, কেছম দ্বীপতো বিস্ফোৰণৰ শব্দ শুনা যায়।
ইৰাণে উল্লেখ কৰে যে আমেৰিকাই অনুজ্ঞাপত্ৰ বাতিল কৰি বুজাবুজি চুক্তি উলংঘা কৰিছে । এই আক্ৰমণক গৰিহণা দি বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে । ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে ইছলামিক বিপ্লৱৰ শ্বহীদ নেতা আয়াতুল্লাহ ছায়িদ আলী খামেনেইৰ স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰাৰ বাবে ইৰাক চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ এই অনুষ্ঠানক দুয়োখন দেশৰ গভীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্কৰ প্ৰতিফলন বুলি অভিহিত কৰি বহু ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ