
গোলাঘাট, ০৯ জুলাই (হি.স.)। ৰাজ্যৰ কেইবাখনো জিলাত বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ গোলাঘাট জিলাত বৰ্তমানলৈকে ৮ জন লোক জে ই ত আক্ৰান্ত হৈছে ৷ ইয়াৰে ছয়জন আৰোগ্য হৈছে ।
শেহতীয়া ভাৱে গোলাঘাট নগৰতো জাপানীজ এনকেফ্লাইটিছ ৰোগ ধৰা পৰিছে ৷ স্বাস্থ্য বিভাগে ইতিমধ্যে যিসমূহ অঞ্চলত এই ৰোগীৰ সংখ্যা বৃদ্ধি পাই সেইসমূহ স্থানত যাতে বিয়পিব নোৱাৰে তাৰ বাবে স্বাস্থ্য বিভাগে আঠুৱা ঔষধিকৰণ, ধোঁৱা মৰা আদি কৰা পৰিলক্ষিত হৈছে ৷ গোলাঘাট জিলাখনত বিগত বৰ্ষত ২৫ গৰাকী ব্যক্তি জাপানীজ এনকেফ্লাইটিছ ৰোগীৰ সংখ্যা আছিল যদিও এইবৰ্ষত বৰ্তমানলৈকে আঠজন ৰোগী চিনাক্ত হোৱা বুলি উল্লেখ কৰে স্বাস্থ্য বিষয়াগৰাকীয়ে ৷ বানপানীৰ পিছত বিশেষকৈ বানপ্ৰীড়িত অঞ্চলসমূহত এই ৰোগীৰ সংখ্যা বৃদ্ধি পাই যাৰ বাবে সেইসমূহ অঞ্চলত স্বাস্থ্য বিভাগে সজাগতা সভা অনুস্থিত কৰাৰ কথা উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা