
তামুলপুৰ, ০৮ জুলাই (হি.স.): তামুলপুৰৰ ঢেকীভাঙা গাৱঁত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুওৱা মৃত যুৱক গৰাকীৰ ঘৰত যোৱা কালি মহলবাৰে সন্ধিয়া উপস্থিত হৈ নলবাৰী বিদ্যুৎ বিভাগৰ লোক আৰু বাগানাপৰা আৰক্ষীৰ লোকে পৰিস্থিতিৰ অনুধাৱন কৰে। তামুলপুৰৰ ঢেকীভাঙাত সংঘটিত দুখজনক ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ শোকাৱহ মৃত্যু হৈছিল এজন যুৱকৰ ।
এক ভয়ংকৰ ঘটনাই মুহূৰ্ততে হাহাকাৰময় অৱস্থাৰ সৃষ্টি কৰে ঢেকীভাঙাত । তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীভাঙা গাৱঁত এই দুখজনক ঘটনাটোত বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি গাত পৰে কিশোৰ বৰ্মন নামৰ যুৱকজনৰ ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, সোমবাৰ নিশা দুই সন্তানৰ পিতৃ যুৱকজনে ভাত-পানী খাই পথলৈ ওলাই অহাৰ পিছতে হঠাতে বিদ্যুতৰ তাঁৰ চিঙি গাত পৰে । লগে লগে বিদ্যুৎস্পৃষ্ট হৈ সকৰুণ মৃত্যুক আকোৱালী লয় দুই কণমানি সন্তানৰ পিতৃ গৰাকীয়ে । কিশোৰ বৰ্মন নামৰ যুৱক গৰাকীৰ নিঠৰ দেহ ইতিমধ্যে পৰিয়ালে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ