
ভাৰতীয় ইতিহাসত ৯ জুলাইত বহু উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ আহিছে । হিন্দী চিনেমাৰ বাবে এই দিনটোৰ বিশেষ তাৎপৰ্য আছে, কিয়নো আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ দুগৰাকী কিংবদন্তি শিল্পী গুৰু দত্ত আৰু সঞ্জীৱ কুমাৰৰ জন্ম হয় । দুয়োজনে নিজৰ অভিনয় আৰু সৃষ্টিশীল প্ৰতিভাৰে ভাৰতীয় চিনেমাক নতুন উচ্চতালৈ লৈ গ’ল ।
১৯২৫ চনৰ আজিৰ দিনটোতে কৰ্ণাটকত জন্মগ্ৰহণ কৰা বসন্ত কুমাৰ শিৱশংকৰ পাডুকন হিন্দী চিনেমাৰ এজন মহান অভিনেতা, পৰিচালক, প্ৰযোজক আছিল । তেওঁ নিজৰ ছবিসমূহত মানৱীয় আৱেগ, সামাজিক বাস্তৱতা আৰু কলাত্মক দৃষ্টিভংগীৰ মিশ্ৰণ ঘটাইছিল, যিটো মিশ্ৰণ আজিও এক মাপকাঠী হৈয়ে আছে ।
তেওঁৰ কালজয়ী ছবি প্যাছা আৰু কাগজ কে ফুল–এ আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰে । প্ৰতিষ্ঠিত টাইম আলোচনীয়ে এই দুয়োখন ছবিকে বিশ্বৰ ১০০ খন শ্ৰেষ্ঠ ছবিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল । তেওঁৰ স্মৰণীয় ছবিসমূহৰ ভিতৰত চৌধৱী কা চান্দ আৰু চাহিব বিবি আৰু গুলাম অন্যতম।
১৯৩৮ চনৰ আজিৰ দিনটোতে গুজৰাটৰ চুৰাটত জন্মগ্ৰহণ কৰা সঞ্জীৱ কুমাৰৰ প্ৰকৃত নাম আছিল হৰিভাই জাৰিৱালা । সৰল, আকৰ্ষণীয় আৰু বহুমুখী অভিনয়েৰে হিন্দী চিনেমাত তেওঁ নিজকে বিশিষ্ট কৰি তুলিছিল। সঞ্জীৱ কুমাৰে ৰোমান্টিক, কমেডী, ছিৰিয়াছ আৰু চৰিত্ৰৰ ভূমিকাত সমান দক্ষতা প্ৰদৰ্শন কৰিছিল।
আন্ধি, কৌশিশ, আংগুৰ, শোলে, ত্ৰিশুল, নয়া দীন নই ৰাত আদি ছবিত তেওঁ নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল। বিশেষকৈ কোষী আৰু আন্ধীত তেওঁৰ অভিনয়ক এতিয়াও হিন্দী চিনেমাৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৮১৬ – আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
১৮৭৫ – বম্বে ষ্টক এক্সচেঞ্জ স্থাপন কৰা হয়।
১৯৫১ – দেশৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা (১৯৫১-৫৬) প্ৰকাশ পায়।
১৯৬৯ – বন্যপ্ৰাণী ব’ৰ্ডে সিংহক দেশৰ জাতীয় প্ৰাণী হিচাপে ঘোষণা কৰে। ১৯৭৩ চনত সিংহৰ ঠাইত বাঘক জাতীয় প্ৰাণী হিচাপে ঘোষণা কৰা হয়।
১৯৭৩ – ৩০০ বছৰীয়া ব্ৰিটিছ উপনিবেশ বাহামাত ব্ৰিটিছ সাম্ৰাজ্যৰ সূৰ্য্য অস্ত যায়।
১৯৮২ - সকলো নিৰাপত্তা ব্যৱস্থা বাইপাছ কৰি মাইকেল ফেগান নামৰ এজন ব্যক্তিয়ে ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ শোৱা কোঠাত উপস্থিত হয়।
১৯৯১ - দক্ষিণ আফ্ৰিকাক পুনৰ অলিম্পিক গেমছত অংশগ্ৰহণৰ অনুমতি দিয়া হয়।
২০০০ – জৰ্জ স্পেইট আৰু ফিজিৰ সামৰিক নেতাসকলৰ মাজত চুক্তি হয়।
২০০১ – ভাৰতে পাকিস্তান সীমান্তত দুটা পদ স্থাপনৰ কথা ঘোষণা কৰে।
২০০২ – অৰ্গেনাইজেচন অৱ আফ্ৰিকান ইউনিটিৰ নাম আফ্ৰিকান ইউনিয়ন ৰখা হয়।
২০০৪ – এছিয়ান ডেভেলপমেণ্ট বেংকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ ৪২খন সদস্য দেশৰ বাবে এটা পুঁজি স্থাপন কৰে।
২০০৭ – ভাৰতীয়-আমেৰিকান বিজ্ঞানী হিমাংশু জৈনক কাঁচ বিজ্ঞানৰ ক্ষেত্ৰত যুগান্তকাৰী কামৰ বাবে অট্টো শ্বট গৱেষণা বঁটাৰে সন্মানিত কৰা হয়।
২০০৮ - ইৰাণে ৯টা দীৰ্ঘ আৰু মজলীয়া দূৰত্বৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰে।
২০১১ - গণভোটৰ পিছত চুডান পৃথক দেশত পৰিণত হয়, য'ত ৯৮.৮৩ শতাংশ জনসাধাৰণে পৃথক দেশৰ সপক্ষে ভোটদান কৰে।
জন্ম
১৮১৯ – চিলাই মেচিনৰ উদ্ভাৱক ইলিয়াছ হাউৱেৰ জন্ম হয়।
১৮৪৫ – লৰ্ড মিণ্টো দ্বিতীয় - ১৯০৫ চনৰ পৰা ১৯১০ চনলৈ ভাৰতৰ ভাইচৰয় আৰু গৱৰ্ণৰ জেনেৰেল।
১৯০০ – সত্য নাৰায়ণ সিনহা - ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।
১৯২৩ – মানকভাই আগৰৱাল - দ্বিতীয় লোকসভাৰ সদস্য।
১৯২৫ – আজিৰ দিনটোতে গুৰু দত্ত - বিখ্যাত অভিনেতা আৰু পৰিচালক
১৯৩০ – কে বালাচন্দৰ, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰ
১৯৩৮ – সঞ্জীৱ কুমাৰ – ভাৰতীয় অভিনেতা
১৯৬২ – সুখবীৰ সিং বাদল – ভাৰতৰ বিখ্যাত ৰাজনীতিবিদ, শিৰোমণি আকালি দলৰ সভাপতি।
মৃত্যু
১৯৯১ – শ্বেৰী ভোপালী – প্ৰখ্যাত কবি।
২০১৫ – চৰ্দাৰ আঞ্জুম – ভাৰতৰ বিখ্যাত কবি আৰু সাহিত্যিক।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ