বাক্সাৰ নিমুৱাত পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ
বাক্সা, ০৮ জুলাই (হি.স.)। বাক্সাৰ নিমুৱাত পথ নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে তীব্ৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । আনন্দবজাৰ - গোৱৰ্দ্ধনা সংযোগী পথ মেৰামতিৰ দাবীৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বাক্সা জিলা আছুৰ আহ্বান
বাক্সাৰ নিমুৱাত পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ


বাক্সা, ০৮ জুলাই (হি.স.)। বাক্সাৰ নিমুৱাত পথ নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে তীব্ৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

আনন্দবজাৰ - গোৱৰ্দ্ধনা সংযোগী পথ মেৰামতিৰ দাবীৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বাক্সা জিলা আছুৰ আহ্বানত মথনগুৰী আৰু গোৱৰ্দ্ধনা আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰে এই প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী। কাৰ্যসূচীৰ জৰিয়তে হাগ্ৰামা মহিলাৰী লেই লেই চেই চেই, বেগম আকতাৰা আহমেদ লেই লেই চেই চেই, বেগম আকতাৰা আহমেদৰ কাম নাই, বিজেপি চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি ভিন্ন শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

শীঘ্ৰেই পথটো নিৰ্মাণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ।

উল্লেখ্য যে কাৰ্যসূচীৰ অন্তত শালবাৰী মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সহকাৰী আয়ুক্তৰ জৰিয়তে পথটো নিৰ্মাণৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande