
বৰপেটা, ০৮ জুলাই (হি.স.)। বৰপেটাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে I শেহতীয়াকৈ
বৰপেটা, হাউলী, সৰ্থেবাৰী আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত যোৱা কালি মঙলবাৰে নিশা একেলগে চলোৱা অভিযানত পাঁচ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ হেৰ'ইন, য়াবা টেবলেট আৰু কফ ছিৰাপ জব্দ কৰা হৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, এই অভিযানত মুঠ ১২.৬১ গ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰ'ইন, ২৪৫টা য়াবা টেবলেট, ১৭২ বটল কফ ছিৰাপ, নগদ ৪২,৯৪০ টকা, তিনিটা মোবাইল ফোন, ৬৩টা খালী কণ্টেইনাৰ আৰু দুটা ছিৰিঞ্জ উদ্ধাৰ কৰা হয়।
ধৃত পাঁচ অভিযুক্ত আজাহাৰ আলী, মিজানুৰ ৰহমান, হামেদ শ্বেখ, জাহিদুল ইছলাম আৰু আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে আৰক্ষীয়ে ।
ইয়াৰে ধৃত হামেদ শেখৰ ঘৰ পশ্চিমবংগৰ মালদহত বুলি জনা গৈছে |
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা