
নতুন দিল্লী, ১8 জুলাই (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) নিয়ম মানি নচলাৰ বাবে ছটা কোম্পানীক জৰিমনা বিহিছে। এই কোম্পানীসমূহৰ ওপৰত বিভিন্ন নিয়ন্ত্ৰণৰ অভাৱ আৰু উলংঘাৰ বাবে ৰিজাৰ্ভ বেংকে ২.৭০ লাখৰ পৰা ৬.২০ লাখ ₹ পৰ্যন্ত জৰিমনা বিহিছে। ইয়াৰ ভিতৰত আছে নন-বেংকিং বিত্তীয় কোম্পানী মুথুট ফাইনেন্স।
আৰ বি আইয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি কেন্দ্ৰীয় বেংকে মুথুট ফাইনেন্সক ৫.৮০ লাখ, সত্য মাইক্ৰ’কেপিটেল লিমিটেড আৰু পান আমামি কচমেডৰ ৩.১০ লাখ টকাকৈ, ধনী লোন এণ্ড চাৰ্ভিচেছ আৰু মুথুট ভেহিকেল এণ্ড এচেট ফাইনেন্সৰ ওপৰত ২.৭০ লাখ টকাকৈ, আৰু এভাইল ফাইনেন্সিয়েল চাৰ্ভিচেছক ৬.২০ লাখ ₹ জৰিমনা বিহিছে।
ৰিজাৰ্ভ বেংকে কয় যে একাউণ্টৰ বিপদৰ শ্ৰেণীবিভাজন সময়ে সময়ে পৰ্যালোচনা কৰাৰ ব্যৱস্থা ৰূপায়ণ নকৰাৰ বাবে আৰু সন্দেহজনক লেনদেনৰ ফলপ্ৰসূ চিনাক্তকৰণ আৰু প্ৰতিবেদনৰ বাবে শক্তিশালী চফট্ ৱেৰ ব্যৱহাৰ নকৰাৰ বাবে মুথুট ফাইনেন্সৰ ওপৰত এই শাস্তি আৰোপ কৰা হৈছে। বিভিন্ন কাৰণত এভাইল ফাইনেন্সিয়েল চাৰ্ভিচেছ, পান আমামি কচমেড, আৰু সত্য মাইক্ৰ’কেপিটেল আদিৰ ওপৰতো একেধৰণৰ শাস্তি আৰোপ কৰা হৈছিল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ