এপ্ৰিল-জুন কোৱাৰ্টাৰত পঞ্জাৱ নেচনেল বেংকৰ মুঠ লাভ ৫,২৫৩ কোটি টকা
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ বেংক পঞ্জাব নেশ্যনেল বেংকে (পিএনবি) চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ প্ৰথম ত্ৰৈমাসিক (এপ্ৰিল-জুন)ৰ ফলাফল ঘোষণা কৰিছে। স্বতন্ত্ৰ ভিত্তিত বেংকটোৰ নিকা লাভ প্ৰথম ত্ৰৈমাসিকত তিনিগুণতকৈও অধিক বৃদ্ধি পাই ৫,২৫৩ কোট
पंजाब नेशनल बैंक के लागो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ বেংক পঞ্জাব নেশ্যনেল বেংকে (পিএনবি) চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ প্ৰথম ত্ৰৈমাসিক (এপ্ৰিল-জুন)ৰ ফলাফল ঘোষণা কৰিছে। স্বতন্ত্ৰ ভিত্তিত বেংকটোৰ নিকা লাভ প্ৰথম ত্ৰৈমাসিকত তিনিগুণতকৈও অধিক বৃদ্ধি পাই ৫,২৫৩ কোটি টকা হয়। বিগত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ একে সময়ছোৱাত বেংকটোৰ নিকা লাভৰ পৰিমাণ আছিল ১,৬৭৫ কোটি টকা।

পিএনবিয়ে ষ্টক এক্সচেঞ্জসমূহক জনোৱা মতে, ২০২৬ চনৰ ৩০ জুনত সমাপ্ত হোৱা প্ৰথমটো ত্ৰৈমাসিকত মুঠ আয় ৩৭,২৩১ কোটি টকাত স্থিৰ হৈ আছে।কিন্তু পূৰ্বৰ বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৩১,৯৬৪ কোটি টকাৰ তুলনাত বেংকৰ সুতৰ আয় সামান্য বৃদ্ধি পাই ৩২,৮৯৭ কোটি টকা হৈছে। এই সময়ছোৱাত বেংকটোৰ পৰিচালনা লাভ ৭,৫১৯ কোটি ₹লৈ বৃদ্ধি পাইছে, যিটো বছৰৰ আগৰ একেটা ত্ৰৈমাসিকত ₹৭,০৮১ কোটি আছিল।

পঞ্জাৱ নেচনেল বেংকৰ তথ্য অনুসৰি বেংকৰ সম্পত্তিৰ মানদণ্ডও উন্নত হৈছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত মুঠ ঋণৰ ২.৭৮ শতাংশলৈ হ্ৰাস পাইছে, যিটো এবছৰৰ পূৰ্বে ৩.৭৮ শতাংশ আছিল। একেদৰে নেট এনপিএ (নন-পাৰফৰ্মিং এচেট) ০.২৬ শতাংশলৈ হ্ৰাস পাইছে, যিটো এবছৰৰ পূৰ্বৰ একেটা ত্ৰৈমাসিকত ০.৩৮ শতাংশ আছিল।

বেংকটোৰ মতে, মুঠ পৰিমাণৰ হিচাপত মুঠ এনপিএ ৩৫,৩৮১ কোটি টকালৈ হ্ৰাস পাইছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ৪২,৬৭৩ কোটি ₹ আছিল। পূৰ্বৰ বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৪,১৩২ কোটি টকাৰ বিপৰীতে নেট এনপিএ ৩,৪৩৩ কোটিলৈ হ্ৰাস পাইছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande