
গোলাঘাট, ১৪ জুলাই (হি.স.):কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাত নিয়োজিত জখলাবন্ধাৰ চিকনিস্থিত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অধিনায়ক দেৱজিৎ দেউৰী চাইবাৰ অপৰাধী চক্ৰৰ কৱলত পৰিছে । অধিনায়ক দেৱজিৎ দেউৰীৰ মোবাইল নম্বৰৰ হোৱাটছএপ হেক কৰি বিভিন্ন ব্যক্তিলৈ ভুৱা বাৰ্তা প্ৰেৰণ কৰি চাইবাৰ অপৰাধী চক্ৰটোৱে বিচাৰিছিল ধন । অধিনায়ক দেৱজিত দেউৰী স্বাস্থ্যজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি থাকিব লগা বুলি ভুৱা বাৰ্তা প্ৰেৰণ কৰি অপৰাধী চক্ৰটোৱে বিচাৰিছিল ধন। বিপদৰ পৰা ৰক্ষা উদ্ধাৰ পাবলৈ ৫৬ হাজাৰ টকাৰ প্ৰয়োজন হৈছে বুলি দেৱজিত দেউৰীৰ হোৱাটছএপত থকা যোগাযোগ নম্বৰৰ গৰাকীলৈ তথা বিভিন্ন বন্ধুবৰ্গলৈ প্ৰেৰণ কৰা হৈছিল মেচেজ । মেচেজৰ লগতে পঠাইছিল এটা কিউৱাৰ ক'ড । দেৱজিৎ দেউৰীৰ বন্ধু বৰ্গই এনে বাৰ্তা পাই দেউৰী সচাকৈ বিপদত পৰা বুলি অনলাইন যোগে ধনৰ যোগানো ধৰিছিল।
অধিনায়ক দেৱজিৎ দেউৰীয়ে বিষয়টো জানিব পাৰি অলপো পলম নকৰাকৈ কাষ চাপিল আইনৰ । ইতিমধ্যে চাইবাৰ অপৰাধ শাখাই দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অধিনায়ক দেৱজিৎ দেউৰীৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰাৰ লগতে হেকাৰলৈ যাতে কোনেও ধন পঠাব নোৱাৰে তাৰো ব্যৱস্থা কৰিছে চাইবাৰ অপৰাধ শাখাই । যদি এনে ধৰণৰ ঘটনা নিজৰ লগতে সংঘটিত হয় তেতিয়াহলে লগে লগে ১৯৩০ নম্বৰত কল কৰা উচিত । তাৰ পাছতেই আপুনি 7099033489 নম্বৰৰ হোৱাটছএপত অভিযোগ দাখিল কৰিব । চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই আপোনাৰ বন্ধু বৰ্গই ইতিমধ্যে পঠোৱা ধন ওভতাই অনাৰ ব্যৱস্থা কৰাৰ লগতে আন কোনেও যাতে ধন পঠাব নোৱাৰে তাৰ ব্যৱস্থা কৰা উচিত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ