
শোণিতপুৰ, ১৪ জুলাই (হি.স.) : উদঙীয়া গৰুৰ বাবেই নিশাৰ ভাগত যি কোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পৰে জামুগুৰিহাটৰ কুসুমটোলাৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত। নিশা হলেই এতিয়া উদঙীয়া গৰুৰ বিচৰণৰে ভৰি থাকে কুসুমটোলাৰ ৰাষ্ট্ৰীয় ঘাইপথ। যাৰ বাবেই এতিয়া সমস্যাত পৰিছে যানবাহনৰ চালকসকল।
একাংশ গো-পালকে বিচৰণৰ বাবে এৰি দিয়া তেওঁলোকৰ গো-ধনসমুহ চাৰি পাঁচদিন পৰ্যন্ত বিছাৰি নহাত এতিয়া নিশা হলেই এই গো-ধন সমুহ বিচৰণ কৰি থাকে চাৰিলেণ্ডযুক্ত ঘাইপথত। দ্ৰুতবেগী যানবাহনৰ খুন্দাত যাতে এই গো-ধন সমুহৰ মৃত্যু নহয় লগতে ভয়ংকৰ দুৰ্ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে এইক্ষেত্ৰত প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। উল্লেখ্য যে আজিৰ পৰা দুবছৰ পূৰ্বে কুসুমটোলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণৰ কৰি থকা ছয়টাকৈ গো-ধনৰ দ্ৰুতবেগী গাড়ীৰ খুন্দাত নিশাৰ ভাগত মৃত্যু হৈছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ