
ইম্ফল, ১১ জুলাই (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘণ্টাত চলোৱা বিভিন্ন অভিযানত উল্লেখযোগ্য সফলতা লাভ কৰিছে। অভিযানৰ সময়ত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয় আৰু হেৰ’ইন আৰু এখন চুৰি মটৰ চাইকেলো উদ্ধাৰ কৰা হয়।
চৰকাৰী তথ্য অনুসৰি শনিবাৰে থৌবাল জিলাৰ থৌবাল থানা এলেকাৰ লেম্বোইথঙৰ সমীপৰ ৱাংবালৰ পৰা নিষিদ্ধ আৰ পি এফ/পি এল এ সংগঠনৰ সক্ৰিয় কেডাৰ শইখোম সুনীল সিং ওৰফে ইবোহল (৪৫)ক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ সময়ত এখন অল্ট’ গাড়ীও জব্দ কৰা হয়।
আন এক অভিযানত মিজোৰামৰ আইজলৰ বৌনকন থানাৰ পৰা পোৱা তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষীয়ে চুৰাচান্দপুৰ জিলাৰ পৰা এখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰে। চুৰি হোৱা মটৰ চাইকেলখন মণিপুৰলৈ অনাৰ খবৰ পোৱা গৈছে।
ইফালে বিষ্ণুপুৰ জিলাৰ মইৰাং থানাৰ সীমাৰ অন্তৰ্গত গেলমোল লামখাইত নিৰাপত্তাৰক্ষীয়ে ৰখাই তালাচী চলায় এমএন-০১এএম-১০২৬ নম্বৰৰ এখন অটোৰিক্সা। প্ৰায় ৬৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন পাউদাৰ উদ্ধাৰ কৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত অভিযুক্ত থৌবাল জিলাৰ আবেম (৩৯), ইম্ফল পশ্চিম জিলাৰ হুছেইন (২০) আৰু থৌবাল জিলাৰ মহম্মদ নাচিমুল্লা (৪০) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অধিক আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া