
~ নতুন মুখ্য প্ৰশিক্ষক ফ্ৰেডেৰিক ছয়েজৰ নেতৃত্বত ভাৰতীয় দলটোৱে জুলাই মাহত অষ্ট্ৰিয়া, বেলজিয়াম, জাৰ্মানী, আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে ছখন খেল খেলিব ~
নতুন দিল্লী, ২৫ জুন (হি.স.)। ভাৰতীয় জুনিয়ৰ (২১ বছৰ অনুৰ্ধ) পুৰুষ হকী দলটোৱে বেলজিয়ামৰ এক্সপ’জাৰ ভ্ৰমণৰ বাবে সাজু হৈছে, য’ত অষ্ট্ৰিয়া, বেলজিয়াম, জাৰ্মানী, নেদাৰলেণ্ডৰ বিৰুদ্ধে ছখন উচ্চ পৰ্যায়ৰ মেচ খেলিব। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ জুনিয়ৰ এছিয়া কাপৰ পূৰ্বে নতুন মুখ্য প্ৰশিক্ষক ফ্ৰেডেৰিক ছ’য়েজৰ নেতৃত্বত দলটোৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব এই ভ্ৰমণ।
এই ভ্ৰমণৰ সময়ত ভাৰতীয় দলটোৱে অষ্ট্ৰিয়া আৰু বেলজিয়ামৰ বিৰুদ্ধে দুখনকৈ মেচ খেলিব, আৰু জাৰ্মানী আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে এখনকৈ মেচ খেলিব। ২০২৬ চনৰ ৭ জুলাইৰ পৰা ১৭ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া এই ছখন খেলৰ পাঁচখন বেলজিয়ামৰ ৱাভ্ৰেৰ বেলফিয়াছ হকী এৰিনাত অনুষ্ঠিত হোৱাৰ বিপৰীতে ভ্ৰমণৰ অন্তিমখন মেচ নেদাৰলেণ্ডৰ বিৰুদ্ধে এণ্টৱাৰ্পৰ হকী চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত হ’ব।
৭ জুলাইত অষ্ট্ৰিয়াৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব, তাৰ পিছত ৮ জুলাইত একেটা দলৰ বিৰুদ্ধে দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ১০ জুলাইত ভাৰতীয় দলটোৱে আয়োজক বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ১৩ জুলাইত জাৰ্মানীৰ বিৰুদ্ধে খেলিব, আৰু ১৪ জুলাইত পুনৰ বেলজিয়ামৰ বিৰুদ্ধে। এই ভ্ৰমণৰ অন্তিমখন খেল ১৭ জুলাইত নেদাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।
এই ভ্ৰমণ ভাৰতৰ যুৱ দলটোৱে ইউৰোপৰ কিছুমান শক্তিশালী হকী দলৰ বিৰুদ্ধে নিজৰ যোগ্যতা পৰীক্ষা কৰাৰ এক সুন্দৰ সুযোগ হ’ব। ইয়াৰ উপৰিও বছৰৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ পূৰ্বে বিভিন্ন পৰিস্থিতিত আৰু বিভিন্ন খেল শৈলীৰ বিৰুদ্ধে অভিজ্ঞতা লাভ কৰাত সহায় কৰিব।
ভ্ৰমণৰ পূৰ্বে নতুনকৈ নিযুক্তি পোৱা মুখ্য প্ৰশিক্ষক ফ্ৰেডেৰিক ছয়েজে কয়, এই গ্ৰুপৰ সৈতে মোৰ প্ৰথম ভ্ৰমণক লৈ মই অত্যন্ত উৎসাহিত। এইটো এটা ভাল সুযোগ যাতে খেলুৱৈসকলক এক ভিন্ন পৰিৱেশত ভালদৰে বুজিব পাৰো আৰু আমাৰ খেলা প্ৰকল্পৰ ভেটি স্থাপন কৰিব পাৰো।
তেওঁ লগতে কয়, এই মেচসমূহ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা আমি ডাঙৰ প্ৰতিযোগিতাত সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ দৰেই পৰিস্থিতিত খেলাৰ সুযোগ লাভ কৰিব পাৰো। ইয়াৰ দ্বাৰা আমাৰ বৰ্তমানৰ প্ৰদৰ্শনৰ স্তৰ মূল্যায়ন কৰাত সহায়ক হ'ব, হেঁচাত আমাৰ খেলৰ কৌশল ৰূপায়ণ কৰাৰ ক্ষমতা পৰীক্ষা কৰা হ'ব, আৰু শক্তিশালী প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে আমাৰ সঁহাৰি বুজিব পৰা যাব।
প্ৰশিক্ষকগৰাকীয়ে আত্মবিশ্বাস প্ৰকাশ কৰে যে এই ভ্ৰমণে দলৰ প্ৰস্তুতিত এক নতুন দিশ প্ৰদান কৰিব আৰু আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ বাবে খেলুৱৈসকলক ভালদৰে প্ৰস্তুত কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া