কাঠমাণ্ডুৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে ১ বিলিয়ন ডলাৰৰ বিদেশী ঋণ লোৱাৰ যো–জা
কাঠমাণ্ডু, ২৫ জুন (হি.স.)। নেপাল চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল কাঠমাণ্ডুৰ নগৰীয়া পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰৰ বিদেশী ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। ভৌতিক আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি জাপান আন্তঃৰাষ্ট্ৰীয
नेपाल का वित्त मंत्रालय


কাঠমাণ্ডু, ২৫ জুন (হি.স.)। নেপাল চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল কাঠমাণ্ডুৰ নগৰীয়া পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰৰ বিদেশী ঋণ লোৱাৰ সিদ্ধান্ত লৈছে।

ভৌতিক আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা (জিআইচিএ)ৰ দ্বাৰা প্ৰস্তুত কৰা কাঠমাণ্ডু উপত্যকা নগৰ পৰিবহণ ব্যৱস্থাৰ গুৰু আঁচনিৰ প্ৰথম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে ঋণ প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে।

২০২৩ চনৰ পৰা কাঠমাণ্ডুৰ নগৰীয়া পৰিবহণ ব্যৱস্থাৰ ওপৰত কাম কৰি আহিছে জাইকাই। ভৌতিক আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰালয়ক মাষ্টাৰ প্লেন দাখিলৰ সময়সূচী ২০২৬ চনৰ আগষ্ট মাহত নিৰ্ধাৰণ কৰা হৈছে।প্ৰাথমিক প্ৰতিবেদন অনুসৰি কাঠমাণ্ডুৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে পৰ্যায়ক্ৰমে পন্থাৰ প্ৰয়োজন হ’ব।

বিত্ত মন্ত্ৰালয়ৰ এগৰাকী সহযোগী সম্পাদকৰ মতে, জিআইচিএৰ মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহৰ বাবে বিত্ত মন্ত্ৰালয়ৰ জৰিয়তে ঋণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

তেওঁ উল্লেখ কৰে যে উপত্যকাৰ পৰিবহণ ব্যৱস্থা উন্নত কৰিবলৈ যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন। এই বৃহৎ পৰিমাণৰ ধনৰ বাবে কেৱল ঘৰুৱা মূলধনৰ ওপৰত ভিত্তি কৰি প্ৰকল্পটো আগবঢ়াই নিয়াটো কঠিন হৈ পৰে। সেয়ে বিদেশী ঋণ লাভৰ পৰিকল্পনা ৰচনা কৰা হৈছে। ইয়াৰ বাবে বিত্ত মন্ত্ৰালয়ৰ জৰিয়তে বিশ্ব বেংকক অনুৰোধ জনোৱা হৈছে।

প্ৰাথমিক অনুমান অনুসৰি জাআইচিএৰ এই পৰিকল্পনাত প্ৰায় ১.২ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হ’ব। এই ১ বিলিয়ন ডলাৰ ঋণ হিচাপে আৰু ২ কোটি ডলাৰ অনুদান হিচাপে লাভ কৰাৰ সম্ভাৱনা আছে।

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ মুৰব্বী তথা বিত্ত মন্ত্ৰালয়ৰ সহযোগী সচিব ড০ ধনীৰাম শৰ্মাই উল্লেখ কৰে যে, ভৌতিক আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰালয়ৰ প্ৰস্তাৱৰ ভিত্তিত বিশ্ব বেংকক কাঠমাণ্ডুৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰয়োজনীয় অধ্যয়ন চলাবলৈ অনুৰোধ কৰা হৈছে।

তেওঁৰ মতে, বিশ্ব বেংকক কাঠমাণ্ডুৰ পৰিবহণ ব্যৱস্থা, ভৌতিক আন্তঃগাঁথনি, আৰু নলা ব্যৱস্থাপনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

কাঠমাণ্ডু উপত্যকাৰ যাতায়ত আৰু ভৌতিক আন্তঃগাঁথনিৰ উন্নতিৰ বাবে চৰকাৰে প্ৰস্তাৱ কৰা এই ঋণক বৰ্তমানলৈকে সৰ্ববৃহৎ বিদেশী ঋণ হিচাপে বিবেচিত হৈছে। ৰাজহুৱা ঋণ প্ৰশাসন কাৰ্যালয়ৰ তথ্য অনুসৰি ২০২৫/২৬ বিত্তীয় বৰ্ষৰ জুন মাহলৈকে নেপালৰ মুঠ বিদেশী ঋণ ১৫,৮৩৯,১৩৭ মিলিয়ন ₹ হৈছেগৈ।

জেআইচিএৰ গুৰু পৰিকল্পনাত পৰ্যায়ক্ৰমে পথ আন্তঃগাঁথনি উন্নয়ন, যান-বাহন পথ আৰু বাহন ব্যৱস্থাপনা, অতিৰিক্ত যান-বাহন সংকেত স্থাপন, কোম্পানীসমূহৰ জৰিয়তে ৰাজহুৱা পৰিবহণ পৰিচালনা, আৰু ফলপ্ৰসূ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ বাবে এক শক্তিশালী যাতায়ত ব্যৱস্থাৰ বিকাশ আদি অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰথম পৰ্যায়ত বৰ্তমানৰ বিশৃংখল যান-বাহন ব্যৱস্থাক সুশৃংখলিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব। বৰ্তমান উপত্যকাটোত চলাচল কৰা সকলো বাহনৰ ৮০ শতাংশতকৈ অধিক মটৰ চাইকেল। ইয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে যাতায়ত বিশৃংখল হৈ পৰিছে, আৰু পৰিবহণ ব্যৱস্থা অপৰ্যাপ্তভাৱে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য হৈয়ে আছে। সেয়েহে জেআইচিএই সৰু বাহনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বৃহৎ, অধিক সংগঠিত ৰাজহুৱা পৰিবহণক অগ্ৰাধিকাৰ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande