ডিজিচিএই আৰম্ভ কৰিলে আহমেদাবাদত দুখন বিমানৰ মুখামুখি সংঘৰ্ষৰ তদন্ত
- আহমেদাবাদত এয়াৰ ইণ্ডিয়া-ইণ্ডিগো বিমানৰ সংঘৰ্ষৰ তদন্ত আৰম্ভ কৰিলে নিয়ন্ত্ৰকে নতুন দিল্লী, ২৫ জুন (হি.স.)। আহমেদাবাদ বিমানবন্দৰত যোৱা বুধবাৰে সম্ভাৱ্য এক বৃহৎ বিমান দুৰ্ঘটনা ৰোধ কৰা হয়। একেখন টেক্সিৱেতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ দুখন এ৩২০ বি
नागरिक उड्डयन महानिदेशालय के लोगो का प्रतीकात्मक चित्र


- আহমেদাবাদত এয়াৰ ইণ্ডিয়া-ইণ্ডিগো বিমানৰ সংঘৰ্ষৰ তদন্ত আৰম্ভ কৰিলে নিয়ন্ত্ৰকে

নতুন দিল্লী, ২৫ জুন (হি.স.)। আহমেদাবাদ বিমানবন্দৰত যোৱা বুধবাৰে সম্ভাৱ্য এক বৃহৎ বিমান দুৰ্ঘটনা ৰোধ কৰা হয়। একেখন টেক্সিৱেতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ দুখন এ৩২০ বিমানৰ মুখামুখি হৈছিল । কিন্তু সময়মতে দুয়োখন বিমান স্থবিৰ হৈ পৰে, যাৰ ফলত কোনো ধৰণৰ হতাহতি ৰোধ কৰা হয়। ঘটনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে ডিজিচিএই প্ৰকাশ কৰা অনুসৰি এয়াৰ ইণ্ডিয়াৰ এ৩২০ বিমান ভিটি-টিকিউভি মুম্বাইৰ পৰা আহমেদাবাদত উপস্থিত হৈ ২৩ নং ৰাণৱেত এআই২৪৯৩ বিমান হিচাপে নিৰাপদে অৱতৰণ কৰে। অৱতৰণ কৰাৰ পিছত বিমানখনে টেক্সিৱে চিৰ জৰিয়তে ৰাণৱেটো ক্লিয়াৰ কৰিবলৈ ক্লিয়াৰ কৰি তাৰ পিছত টেক্সিৱে পি আৰু টেক্সিৱে জিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় এপ্ৰ’নলৈ আগবাঢ়িল। কিন্তু আন্তঃৰাষ্ট্ৰীয় এপ্ৰ’নৰ কাষ চাপিবলৈ টেক্সিৱে জিলৈ সোঁফালে ঘূৰি যোৱাৰ পৰিৱৰ্তে বিমানখনে টেক্সিৱে পিত আগবাঢ়িল। ক্ৰুৱে নিজৰ ভুলটো উপলব্ধি কৰাৰ লগে লগে তেওঁলোকে টেক্সিৱে পিত বিমানখন ৰখাই দিলে।

ইফালে আহমেদাবাদৰ পৰা মুম্বাইলৈ ৬ই-৫১৬০ বিমান চলাই থকা ইণ্ডিগ’ৰ এ৩২০ বিমান ভিটি-আইএছটিয়ে একেটা টেক্সিৱে পিতে আগবাঢ়িছিল, উৰণৰ বাবে সাজু হৈ আছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিগো বিমানখনো তাতেই ৰখাই দিয়া হৈছিল।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে স্পষ্ট কৰি দিছে যে দুয়োখন বিমানৰ মাজত পৰ্যাপ্ত দূৰত্ব আছিল আৰু কোনো ধৰণৰ সংঘৰ্ষ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। সাৱধানতা স্বৰূপে পিছত এয়াৰ ইণ্ডিয়াৰ বিমানখন টানি তাৰ পাৰ্কিং ষ্টেণ্ডলৈ লৈ যোৱা হয়। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ডিজিচিএয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande