
নতুন দিল্লী, ১৮ জুন (হি.স.)। শ্বেয়াৰ বজাৰত চাৰিদিনীয়া উত্থান হঠাতে স্তব্ধ হৈ পৰে। সপ্তাহটোৰ চতুৰ্থ ব্যৱসায়িক দিন বৃহস্পতিবাৰে ঘৰুৱা শ্বেয়াৰ বজাৰখন মন্থৰ নোটত মুকলি হয়। আমেৰিকা-ইৰাণৰ চুক্তি আৰু খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো ঘৰুৱা শ্বেয়াৰ বজাৰত সামান্য হ্ৰাসৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে বৰ্তমান চেন্সেক্স আৰু নিফটিৰ ব্যৱসায় উৰ্ধগামী হৈছে ।
বৰ্তমান বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ৭৭,২৩৮.৬১ত, যিটো ৮২.৯৯ পইণ্ট বা ০.১১ শতাংশ বৃদ্ধি পাইছে। ইফালে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিৰ মূল্য ৪৩.৮৫ পইণ্ট বা ০.১৮ শতাংশ বৃদ্ধিৰে ২৪,১২৯.৫৫ পইন্ট হয়গৈ ।
আজি বজাৰত অস্থিৰ ব্যৱসায়ৰ মাজতে আৰম্ভণিৰ ব্যৱসায়ত চেন্সেক্স ১১১.২৩ পইণ্ট হ্ৰাস পাই ৭৭,০৪৪.৩৯ পইণ্ট আৰু নিফটি ২৬.৮৫ পইণ্ট হ্ৰাস পাই ২৪,০৫৮.৮৫ পইণ্ট হয়। ইফালে, আগতীয়া ব্যৱসায়ত আমেৰিকান ডলাৰৰ বিপৰীতে ২১ পইচা হ্ৰাস পাই ৯৪.৭১ টকা হয়।
মন কৰিবলগীয়া যে ইয়াৰ এদিন পূৰ্বে বুধবাৰে চেন্সেক্সৰ শ্বেয়াৰ ৩৪৭ পইণ্ট বৃদ্ধিৰে ৭৭,১৫৬ পইণ্টত বন্ধ হয়। নিফটিয়েও ৯৭ পইণ্ট বৃদ্ধিৰে ২৪,০৮৬ পইণ্টত বন্ধ হয়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ