শীৰ্ষ দহটা কোম্পানী চাৰিটা কোম্পানীৰ মাৰ্কেট কেপ ২.২০ লাখ কোটি টকাৰো অধিক বৃদ্ধি
নতুন দিল্লী, ০৩ মে’ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত বিগত ব্যৱসায়িক সপ্তাহ ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানী ছটা কোম্পানীৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে চাৰিটা কোম্পানীৰ বজাৰ মূল্য বৃদ্ধি পাইছে। সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে ব্যৱস
प्रतीकात्मक


নতুন দিল্লী, ০৩ মে’ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত বিগত ব্যৱসায়িক সপ্তাহ ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানী ছটা কোম্পানীৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে চাৰিটা কোম্পানীৰ বজাৰ মূল্য বৃদ্ধি পাইছে।

সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে ব্যৱসায়ৰ পিছত এই শীৰ্ষ দহটা কোম্পানীসমূহৰ ভিতৰত ছটা কোম্পানীৰ মাৰ্কেট কেপ ১.২৪ লাখ কোটি টকাৰো অধিক হ্ৰাস পাইছে। আইচিআইচিআই বেংকে সৰ্বাধিক লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই) দ্বিতীয় সৰ্বাধিক লোকচান হয়।

আনহাতে, যোৱা সপ্তাহৰ ব্যৱসায়ৰ পিছত শীৰ্ষ ১০টা মূল্যৱান কোম্পানীত থকা বাকী চাৰিটা কোম্পানীৰ মাৰ্কেট কেপ ২.২০ লাখ কোটি ₹ৰো অধিক বৃদ্ধি পাইছে। মাৰ্কেট কেপ লাভ কৰা চাৰিটা কোম্পানীৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ দেশৰ ভিতৰতে সৰ্বাধিক হোৱাৰ বিপৰীতে মাৰ্কেট কেপ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতী এয়াৰটেলে দ্বিতীয় স্থানত আছে।

এই সপ্তাহৰ ব্যৱসায়ৰ পিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ভাৰতী এয়াৰটেল, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), আৰু বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ২,২০,১৬১.৪৬ কোটি ₹ বৃদ্ধি পাইছে। আনহাতে, আইচিআইচিআই বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), এইচডিএফচি বেংক, হিন্দুস্তান ইউনিলিভাৰ, লাইফ ইনশ্বুৰেন্স কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া (এলআইচি), আৰু লাৰ্চেন এণ্ড টৌব্ৰ’ৰ বজাৰ মূল্য ১,২৪,০৬০.৬১ কোটি ₹ হ্ৰাস পাইছে।সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত ব্যৱসায়ৰ পিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ১,৩৯,৬৫৫.৮০ কোটি টকা বৃদ্ধি পাই ১৯,৩৬,৩০৩.৩০ কোটি টকা হয়। একেদৰে ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৪৩,৫০৩.৫১ কোটি টকা জপিয়াই ১১,৪৯,২২২.১৩ কোটি টকা হয়। টাটা কনছালটেন্সি চাৰ্ভিচেছৰ (টিচিএছ) বজাৰ মূল্য ২৭,৫৬৯.৮৩ কোটি টকা বৃদ্ধি পাই ৮,৯৪,৯৩৩.৯৫ কোটি টকা হয় আৰু বাজাজ ফাইনেন্সৰ বজাৰ মূল্য ৯,৪৩২.৩২ কোটি টকা বৃদ্ধি পাই ৫,৮৩,১২৩.১৩ কোটি টকা হয়।

আনহাতে, আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৪৫,৩৬৪.৬২ কোটি টকা হ্ৰাস পাই ৯,০৪,৯৮০.৭৮ কোটি ₹ হয়। ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ বজাৰ মূল্য ₹৩০,৯২২.৫৭ কোটি হ্ৰাস পাই ₹৯,৮৫,৮২৯.৯৬ কোটি হয়। ইয়াৰ উপৰিও এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ২০,৯৫১.৩১ কোটি টকা হ্ৰাস পাই ১১,৮৭,২৭৪.১৭ কোটি টকা হৈছে, হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ১৮,৪২০.৭৯ কোটি টকা হ্ৰাস পাই ৫,২৮,৭৯৯.০১ কোটি টকা হৈছে, ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ৫০ কোটি টকা হ্ৰাস পাইছে ৮,২২২.৪৯ কোটি টকা হৈ ৫,০৪,৭৯৮.০৭ কোটি টকা আৰু লাৰ্চেন এণ্ড টৌব্ৰ’ৰ মাৰ্কেট কেপ ১৭৮.৮৩ কোটি টকা হ্ৰাস পাই ৫,৫১,৯৯৩.০৫ কোটি টকা হয়।

মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৯,৩৬,৩০৩.৩০ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচন (মাৰ্কেট কেপ)ৰে দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপ কোম্পানী হৈয়েই আছে। ইয়াৰ পিছতে এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১১,৮৭,২৭৪.১৭ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,৪৯,২২২.১৩ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৯,৮৫,৮২৯.৯৬ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ৯,০৪,৯৮০.৭৮ কোটি টকা), টি চি এছ (মুঠ বজাৰ মূলধন ৮,৯৪,৯৩৩.৯৫ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৮৩,১২৩.১৩ কোটি টকা), লাৰ্চেন এণ্ড টৌব্ৰ’ (মুঠ বজাৰ মূল্য ৫,৫১,৯৯৩.০৫ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,২৮,৭৯৯.০১ কোটি টকা) আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূলধন ৫,০৪,৭৯৮.০৭ কোটি) শীৰ্ষ ১০ টা মূল্যৱান কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande