
ডাবলিন, ২৯ মে’ (হি.স.)। অধিনায়ক হেলী মেথিউছৰ বিস্ফোৰক বেটিঙে ৱেষ্ট ইণ্ডিজে বৃহস্পতিবাৰে সন্ধিয়া মহিলা টি-২০ ত্ৰিকোণীয় শৃংখলাৰ প্ৰথমখন মেচত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰাত সহায় কৰে। পাকিস্তানেও খেলা এই শৃংখলাৰ উদ্বোধনী মেচখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে আয়াৰলেণ্ডক ক্ষুদ্ৰ ১০৩ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল আৰু তাৰ পিছত মাত্ৰ ১১.৩ অভাৰত লক্ষ্যত উপনীত হৈছিল।
টছত জয়ী হৈ প্ৰথমে বলিং কৰিবলৈ বাছি লোৱা ৱেষ্ট ইণ্ডিজে আৰম্ভণিৰে পৰাই আয়াৰলেণ্ডৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। জাইডা জেমছে একেৰাহে অভাৰত দুয়োটা অ’পেনাৰক আউট কৰাৰ বিপৰীতে জাহজাৰা ক্লাক্সটনে ৰেবেকা ষ্ট’কছক আউট কৰি পাৱাৰপ্লেৰ ভিতৰত আয়াৰলেণ্ডক ২৩/৩লৈ লৈ যায়।
ইয়াৰ পাছতে অধিনায়ক অৰলা প্ৰেণ্ডাৰগাষ্ট আৰু লিয়া পলে চতুৰ্থ উইকেটত ৪৪ ৰান সংযোজন কৰি ইনিংছটো পুনৰ সজীৱ কৰাৰ চেষ্টা কৰে। অৱশ্যে হেলি মেথিউছে দ্বাদশ অভাৰত প্ৰেণ্ডাৰগাষ্টক আউট কৰি অংশীদাৰিত্ব ভংগ কৰে। ইয়াৰ পিছত আয়াৰলেণ্ডৰ বেটিং সম্পূৰ্ণৰূপে ভাঙি পৰে, আৰু দলটোৱে ১৭ অভাৰত ১০৩ ৰান সংগ্ৰহ কৰি অল আউট হয়।
এই খেলখনত ৱেষ্ট ইণ্ডিজে মুঠ ৯ গৰাকী বলাৰ ব্যৱহাৰ কৰে। সৰ্বাধিক সফল বলাৰ কিয়ানা জোচেফে দুটা অভাৰত মাত্ৰ ৮ ৰানত ৩টা উইকেট দখল কৰে।
ইফালে ১০৪ ৰানৰ লক্ষ্য খেদি খেদি ৱেষ্ট ইণ্ডিজে আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হয় যেতিয়া আভা কেনিঙে ডিয়াণ্ড্ৰা ডটিন আৰু কিয়ানা জোচেফক পেভিলিয়নলৈ পঠিয়াই দিয়ে। অৱশ্যে ইয়াৰ পিছতে অধিনায়ক হেলী মেথিউছে আইৰিছ বলাৰসকলক থকাসৰকা কৰে।
মেথিউছে মাত্ৰ ৩৩টা বলত অৰ্ধশতক অৰ্জন কৰি আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখিছিল। ষ্টেফানী টেইলৰৰ সৈতে ৬৯ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল। টেইলৰে ১০ ৰান সংগ্ৰহ কৰি সহায়ক ভূমিকা প্ৰদান কৰাৰ বিপৰীতে মেথিউছে ৪৪ বলত ৮২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।
২৪ ঘন্টাতকৈও কম সময়ৰ ভিতৰত একেখন খেলপথাৰতে অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচত এতিয়া ৱেষ্ট ইণ্ডিজে পাকিস্তানৰ বিৰুদ্ধে খেলিব।
চমু স্ক'ৰ:
আয়াৰলেণ্ড : ১৭ অভাৰত ১০৩ অল আউট, অৰ্লা প্ৰেণ্ডাৰগাষ্টে ২৫, কিয়ানা জোচেফ ৩/৮
ৱেষ্ট ইণ্ডিজ : ১১.৩ অভাৰত ১০৪/২, হেলি মেথিউছ ৮২*, আভা কেনিং ২/১৬
ৱেষ্ট ইণ্ডিজৰ ৮ উইকেটত জয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া