
চান্দ মেৰা দিল গীতটোত অভিনেত্ৰী অনন্যা পাণ্ডেৰ ভাৰতনট্যম অনুপ্ৰাণিত নৃত্যই ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। আনকি বহু ব্যৱহাৰকাৰীয়ে তেওঁৰ নৃত্যক সমালোচনা কৰি নেপো নাট্যম বুলি অভিহিত কৰিছে। এতিয়া প্ৰখ্যাত লেখিকা শোভা দে অভিনেত্ৰীগৰাকীৰ সমৰ্থনত ওলাই আহি ট্ৰলিঙক অন্যায় বুলি অভিহিত কৰিছে।
শোভা দে কয় যে কেৱল এই অভিনয়ৰ বাবে অনন্যাক দোষ দিয়াটো অন্যায়। তেওঁ লগতে কয় যে যিকোনো অভিনয়ক গঢ় দিয়াত পৰিচালক আৰু নৃত্য পৰিচালকেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শোভাই এই কথাও স্পষ্ট কৰি দিয়ে যে অনন্যা এগৰাকী পেছাদাৰী শাস্ত্ৰীয় নৃত্যশিল্পী নহয়, কিন্তু ইয়াৰ পিছতো তেওঁ শাস্ত্ৰীয় আৰু সমসাময়িক নৃত্যৰ মিশ্ৰণেৰে এক প্ৰত্যাহ্বানমূলক অভিনয় আগবঢ়াবলৈ চেষ্টা কৰিছিল।
শোভা দে অনন্যাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰি কয়, তাই লিপ-চিংক কৰিছিল, নাচিছিল, আৰু উৎকৃষ্ট অভিব্যক্তি দিছিল। এই সকলোবোৰ একেবাৰেই সহজ নহয়। ইফালে ছবিখনৰ সহকাৰী কৰিঅ’গ্ৰাফাৰ অনন্যা কুৰুপেও অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি কয় যে ইমান কম সময়ৰ ভিতৰতে এনে নৃত্যৰ ৰুটিন শিকিবলৈ তেওঁ বহুত কষ্ট কৰিছিল। এই বিষয়টোক লৈ এতিয়া ছ’চিয়েল মিডিয়াত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ