
কাঠমাণ্ডু, ২৭ মে’ (হি.স.)। এসপ্তাহৰ ভিতৰত সংসদত হাজিৰ হ’ব প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ। বিৰোধী সাংসদসকলে অব্যাহত ৰখাৰ মাজতে বুধবাৰে সদনত এই আশ্বাস দিয়ে শাসকীয় ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে।
বুধবাৰে প্ৰতিনিধি সদনৰ দ্বিতীয়খন বৈঠকত আৰ এছ পিৰ মুখ্য হুইপ কবিন্দ্ৰ বুৰ্লাকোটিয়ে কয় যে এসপ্তাহৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে সংসদৰ সুচাৰুৰূপে চলাচলৰ পৰিৱেশ সৃষ্টি কৰিব।
অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত একমত হোৱাৰ পাছতো শাসকীয় দলটোৱে নিজৰ স্থিতি দাঙি ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে বিৰোধী ইউএমএলৰ উপ-নেতা পদ্ম আৰয়ালে। সংসদ চৰকাৰক প্ৰশংসাৰ মঞ্চ নহয় বুলি উল্লেখ কৰি চৰকাৰক জবাবদিহি কৰাৰ দায়িত্ব বিৰোধীয়ে পালন কৰিছে বুলিও মন্তব্য কৰে।
সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি সন্দৰ্ভত অধ্যক্ষৰ পৰা স্পষ্ট ৰায়দানৰ দাবী উত্থাপন কৰে বিৰোধী দলৰ আন আন সাংসদসকলে। অধ্যক্ষ ডি.পি. আৰ্য়লে ইয়াৰ পিছতে সদনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালিত কৰিবলৈ সাংসদসকলৰ ওচৰত আবেদন জনায় । তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ সন্দৰ্ভত তথ্য আৰ এছ পিৰ পৰা লাভ কৰা হৈছে। অধ্যক্ষৰ আবেদনৰ পিছতে বিৰোধী দলৰ সাংসদসকলে তেওঁলোকৰ প্ৰতিবাদৰ অন্ত পেলাই সদনত দাখিল কৰা বিধেয়কখনৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰে।---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ