
নগাঁও, ২২মে (হি.স.)।
কামপুৰত ব্য়ক্তিগত শত্ৰুতাৰ পৰিনতিত আজি এক দূৰ্বিত্তই ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰে। কামপুৰৰ গিলানীৰ ব্যৱসায়ী প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰা দুৰ্বৃত্ত ৰাইজৰ ৰোষত । বুধবাৰে নিশা অগ্নি সংযোগ কৰিছিল মাষ্টাৰ মাইণ্ড মেনানে । সম্পূৰ্ণ বিষয়টো জ্ঞাত আছিল আটকাধীন দুৰ্বৃত্ত আতাবুদ্দিনৰ । আজি পুৱা ৰাইজে আতাবুদ্দিনক ধৰি বান্ধি থৈ সোধা পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।
পৰৱৰ্তী সময়ত আতাবুদ্দিনক কামপুৰ আৰক্ষীক গতাই দিয়ে ৰাইজে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা