
অভিনেতা শ্ৰেয়াস তালপড়ে সম্প্ৰতি কমেডী ফ্ৰেঞ্চাইজি গোলমাল ৫ত ব্যস্ত থকাৰ সময়তে তেওঁৰ আগন্তুক ছবি দ্য ইণ্ডিয়া ষ্ট'ৰীও বাতৰিৰ শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ এখন নতুন পোষ্টাৰ মুকলি কৰা হৈছে, লগতে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। শ্ৰেয়াছৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিব কাজল আগৰৱালাই।
কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ কুপ্ৰভাৱৰ ওপৰত আধাৰিত হ'ব কাহিনী। নতুন পোষ্টাৰখনত ঘাঁহনিৰে আবৃত এখন কফিনৰ আকৃতিৰ চিত্ৰ অংকন কৰা হৈছে, ইয়াৰ ভয়াৱহ কাহিনীৰ ইংগিত। দ্য ইণ্ডিয়া ষ্ট'ৰী য়ে কৃষিক্ষেত্ৰত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ অপব্যৱহাৰৰ ফলত সৃষ্টি হোৱা সমস্যা আৰু ইয়াৰ লগত জড়িত বৃহৎ কেলেংকাৰীসমূহৰ ওপৰত আলোকপাত কৰা বুলি দাবী কৰিছে। প্ৰশাসনিক আৰু আইনী ব্যৱস্থাৰ গাফিলতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিব ছবিখনে।
তিনিটা ভাষাত মুক্তি পাবলগীয়া ছবিখনৰ পৰিচালক চেত্তন ডি কে, সাগৰ বি শিণ্ডেৰ প্ৰযোজনা আৰু লেখা। সামাজিক আৰু জাতীয় বিষয়ৰ ওপৰত আধাৰিত এই ছবিখন ২৪ জুলাইত হিন্দী, তামিল, আৰু তেলেগু ভাষাত মুক্তি পাব। নিৰ্মাতাসকলে আশা কৰিছে যে ছবিখনে দৰ্শকক এক গভীৰ আৰু চিন্তা-উদ্দীপক অভিজ্ঞতা প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া