


ধুবুৰী, ১৯ মে’ (হি.স.): উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ বিভাগৰ বিভাগীয় ৰে’ল প্ৰবন্ধক (DRM) শ্ৰী দেবেন্দ্ৰ সিঙে অমৃত ভাৰত ষ্টেচন আঁচনি (ABSS)ৰ অধীনত উন্নয়নমূলক কাম চলি থকা ধুবুৰী আৰু গৌৰীপুৰ ৰে’ল ষ্টেচনৰ বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে।পৰিদৰ্শনৰ সময়ত DRM-এ ষ্টেচন দুটাত চলি থকা পুনৰ উন্নয়নমূলক কাম আৰু যাত্ৰীবান্ধৱ সুবিধাসমূহৰ সম্প্ৰসাৰণৰ অগ্ৰগতিৰ বুজ লয়। লগতে চলি থকা কামসমূহত গুণগত মান বজাই ৰখা হৈছে নে নাই আৰু নিৰ্ধাৰিত মানদণ্ড অনুসৰি কাম সম্পাদন কৰা হৈছে নে নাই, সেই বিষয়সমূহো সুক্ষ্মভাৱে পৰীক্ষা কৰে।
ইয়াৰ উপৰিও, DRM-এ নিউ কোচবিহাৰ হৈ আলিপুৰদুৱাৰ জংশন–ধুবুৰী শাখাত ‘উইণ্ড’ ট্ৰেইলিং পৰিদৰ্শন’ চলায়। এই পৰিদৰ্শনৰ মূল উদ্দেশ্য আছিল ৰে’লপথ, স্থায়ী পথ (Permanent Way), ট্ৰেক আন্তঃগাঁথনি আৰু পথত অৱস্থিত অন্যান্য ৰে’ল সম্পত্তিৰ সামগ্ৰিক অৱস্থা মূল্যায়ন কৰা। পৰিদৰ্শনৰ সময়ত ৰক্ষণাবেক্ষণৰ মানদণ্ড, সুৰক্ষা ব্যৱস্থা আৰু সমগ্ৰ শাখাটোৰ আন্তঃগাঁথনিক অৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
উল্লেখ্য যে, এই পৰিদৰ্শনত বিভাগীয় অতিৰিক্ত ৰে’ল প্ৰবন্ধক (ADRM)কে ধৰি বিভাগটোৰ কেইবাজনো জ্যেষ্ঠ ৰে’ল বিষয়াই DRM-ৰ সৈতে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ