
শ্ৰীভূমি, ১৯ মে’ (হি.স.)। বাংলা ভাষাৰ আৰু ভাষা ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া ভাষা শ্বহীদ সকলক স্মৰণ কৰিবলৈ প্ৰতি বছৰে ১৯ মে’ তাৰিখে ভাষা শ্বহীদ দিৱস পালন কৰা হয়। শ্ৰীভূমি জিলাৰ লগতে ৰে'ল চহৰ বদৰপুৰত আজ ১৯ মে' উপলক্ষে শহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বদৰপুৰৰ বিভিন্ন সংস্থাই পালন কৰিলে ভাষা শ্বহীদ দিৱস।
হাইলাকান্দি আৰু শ্ৰীভুমি জিলাৰ লগতে শিলচৰতো পালন কৰা হয় ভাষা শ্বহীদ দিৱস। হাতত প্লেকাৰ্ড লৈ সমদল কাৰী সকলে শ্ৰীভূমিৰ হৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি শম্ভু সাগৰ পাৰ্কত থকা শ্বহীদ বেদীত ধূপ চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওলোকে।
আনহাতে বদৰপুৰ ঘাটত থকা একাদশ শ্বহীদৰ সমাধি ক্ষেত্ৰত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণ কৰি ভাষাৰ নামত প্ৰাণাহুতি দিয়া এঘাৰ গৰাকী শ্বহীদৰ সন্মান জনায় স্থানীয় সংস্থা সংঘটনৰ সদস্য সদস্যা সকলোৰ লগতে কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাস্থই । বিগত সময় চোৱাত বিধানসভাৰ মজিয়াত বৰাক উপত্যকাৰ মাতৃ ভাষা বাংলা ভাষা লৈ বিধানসভাত সদায় সৰব হোৱা কমলাক্ষ দে পুৰকাস্থক আজি বদৰপুৰত থকা শ্বহিদ বেদীত পুষ্পাঞ্জলি অৰ্পণৰ পাছত স্থানীয় বিভিন্ন সংস্থা সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা প্ৰদান কৰা হয় ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা