গোসাইগাঁৱত ১৯৯৬ চনৰ গোষ্ঠী সংঘৰ্ষত হত্য়াৰ বলি হোৱা শ্বহীদ সকলোক স্মৰণৰে শ্ৰদ্ধাঞ্জলী
কোকৰাঝাৰ, ১৫ মে (হি.স.)। গোসাইগাঁও মহকুমাৰ সত্যপুৰ এম ই স্কুল খেল পথাৰত গোষ্ঠী সংঘৰ্ষত নিহত সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি । ১৯৯৬ চনত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত নামনি অসমৰ বঙাইগাঁৱ,কোকৰাঝাৰ অবিভক্ত গোৱালপাৰা আৰু ধুবুৰীত জিলাত গোষ্ঠী সংঘৰ্ষৰ গইনা লৈ দু
গোসাইগাঁৱত ১৯৯৬ চনৰ গোষ্ঠী সংঘৰ্ষত হত্য়াৰ বলি হোৱা শ্বহীদ সকলোক স্মৰণৰে শ্ৰদ্ধাঞ্জলী


কোকৰাঝাৰ, ১৫ মে (হি.স.)। গোসাইগাঁও মহকুমাৰ সত্যপুৰ এম ই স্কুল খেল পথাৰত গোষ্ঠী সংঘৰ্ষত নিহত সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি । ১৯৯৬ চনত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত নামনি অসমৰ বঙাইগাঁৱ,কোকৰাঝাৰ অবিভক্ত গোৱালপাৰা আৰু ধুবুৰীত জিলাত গোষ্ঠী সংঘৰ্ষৰ গইনা লৈ দুৰ্বৃত্তই ১৯৯৬ চনৰ ১৫ মে তাৰিখটো অৰ্থাৎ আজিৰ দিনটোত গাঁওখনৰ শিশু-মহিলা সহ বহু গৰাকী লোকক নিৰ্মমভাৱে হত্যা কৰিছিল ৷

তেতিয়াৰ পৰাই নিহত লোক সকলক আদিবাসী জনগোষ্ঠীয়ে শ্বহীদ বুলি ঘোষণা কৰি শ্ৰদ্ধাঞ্জলি জনাই আহিছে ৷ প্ৰতি বছৰৰ দৰে এইবেলিও সত্যপুৰত শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি পুৱা পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ বেদীত মাল্যৰ্পণ কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande