
ধুবুৰী, ১৫ মে (হি.স.)। ধুবুৰীত পত্নী নিৰ্যাতনৰ অভিযোগত আটক এজন যুৱক। যুৱক জনৰ নাম অনিল জাদুদিয়া। বিবাহৰ পাছৰ পৰাই নিজ পত্নীক বিভিন্ন প্ৰকাৰে কৰি আহিছিল মানসিক আৰু শাৰীৰিক অত্যাচাৰ। যৌতুক বিচাৰি পত্নীৰ পৰিয়ালক দি আহিছিল হেঁচা। যোৱা নিশাও পত্নীক শাৰিৰীক ভাবে অত্য়াচাৰ কৰি হত্যাৰ চেষ্টা কৰাত অঞ্চলটোৰ বাসিন্দা সকলে ওলাই আহি ৰক্ষা কৰিছিল প্ৰাণ।
ধুবুৰী সদৰ থানাত আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ