
ডিব্ৰুগড়, ১৫ মে (হি.স.)। ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত জকাই চেঁচা তিনিআলিত অবৈধ তীৰৰ জুৱাৰ বৃহৎ প্ৰচলন। দৈনিক পুৱা ৯.০০ বজাৰ পৰা ৫.০০ বজা লৈকে চলে লাখ লাখ টকাৰ অবৈধ তীৰৰ জুৱা, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰবৰুৱা আৰক্ষী থানাৰ আৰক্ষীক মেনেজ কৰি তীৰ মাফিয়াই দৈনিক চাহ জনগোষ্ঠীৰ ৰাইজৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি আছে তীৰ মাফিয়া শিবা লোহাৰ (Shiba lohar) , আকাশ আৰু শুভম নামৰ এই তিনিজন তীৰ মাফিয়াই।
দৈনিক পুৱা ৯.০০ বজাৰ পৰা সন্ধিয়া ৫.০০ বজা লৈকে জকাই চেঁচা তিনিআলিৰ এখন গেলামাল দোকানৰ ওপৰৰ বিল্ডিংত তীৰ জুৱাৰ বৃহৎ সাম্ৰাজ্য চলি থকাৰ পাছটো কিয় বৰবৰুৱা আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে যে জকাই চেঁচা তিনিআলি মানকটা পথৰ দাঁতিতে তীৰৰ বিশাল সাম্ৰাজ্য চলি থকা আৰত আছে নেকি তীৰৰ মাফিয়াৰ সৈতে বৰবৰুৱা থানাৰ আৰক্ষীৰ গোপন বুজাবুজি। সেয়েহে এতিয়া ৰাইজৰ বিশেষ অনুৰোধ ডিব্ৰুগড় জিলাৰ প্ৰশাসনলৈ অবৈধ তীৰ জুৱাৰ বিৰুদ্ধে আইনী ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ