
গুৱাহাটী, ১৫ মে (হি.স.)। অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষৰূপে আজি শপত গ্ৰহণ কৰে টিহু সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লোকভৱনত পাটোৱাৰীক শপতবাক্য পাঠ কৰাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই
স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে বিধানসভা পৰিচালনা কৰিব অস্থায়ী (প্ৰ’টেম) অধ্যক্ষই। উল্লেখ্য যে আজি লোকভৱনৰ কনফাৰেন্স হলত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাৰতীয় সংবিধানৰ ১৮০ নং অনুচ্ছেদৰ দফা(১)ৰ অধীনত ষষ্ঠাদশ অসম বিধানসভাৰ প্ৰ'টেম অধ্যক্ষ হিচাপে চন্দ্ৰ মোহন পাটোৱাৰীক পদৰ শপত গ্ৰহণ কৰায়।
ইয়াৰ পূৰ্বে অসম বিধানসভাৰৰ সচিব দুলাল পেগুৱে ৰাজ্যপালৰ পৰা কাৰ্য্যসূচী আৰম্ভ কৰাৰ অনুমতি বিচাৰিছিল। এই অনুষ্ঠানত ৰাজ্যপালৰ আয়ুক্ত সচিব এছ.এছ.মীনাক্ষী সুন্দৰম, অসম বিধানসভা আৰু লোকভৱনৰ বিষয়াসকল উপস্থিত থাকে।
২১ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ অধিৱেশন।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী