
বেইজিং, ০৮ এপ্ৰিল (হি.স.)। ভাৰতৰ উদীয়মান তাৰকা আয়ুষ শ্বেট্টীয়ে এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই বিশ্বৰ ৭ নং আৰু হংকং অ’পেন ২০২৫ৰ চেম্পিয়ন লি ছি ফেঙক ২১-১৩, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
প্ৰথমখন খেলত লি ছি ফেঙে শক্তিশালী আৰম্ভণিৰে আৰম্ভণি কৰিছিল যদিও আয়ুছে ৪-৪ ব্যৱধানত সমতা স্থাপন কৰে । ইয়াৰ পিছতে মেচখন ৭-৭ পৰ্যন্ত ঘনিষ্ঠ হৈ আছিল যদিও তাৰ পৰাই ভাৰতীয় খেলুৱৈগৰাকীয়ে নিয়ন্ত্ৰণ লাভ কৰে। ইউ এছ অ’পেন ২০২৫ৰ বিজয়ী আয়ুছে আক্ৰমণাত্মক খেলি ধাৰাবাহিকভাৱে পইণ্ট সংগ্ৰহ কৰি প্ৰথমখন খেলত ২১-১৩ ব্যৱধানত জয়লাভ কৰে।
দ্বিতীয়খন খেলত চীনা খেলুৱৈগৰাকীয়ে হেঁচা প্ৰয়োগ কৰি অগ্ৰগতি লাভ কৰে। অৱশ্যে আয়ুছে কেইবাবাৰো স্ক’ৰ সমতা স্থাপন কৰে, আৰু ১৩-১৩ৰ পাছত মেচখনৰ গতি সম্পূৰ্ণৰূপে সলনি কৰে। তেওঁ একেৰাহে ৬ পইণ্ট লাভ কৰি মেচখন ২১-১৬ ব্যৱধানত সমাপ্ত কৰে। মুঠ ৫১ মিনিটৰ খেলখন চলিছিল।
বেডমিণ্টন এছিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে দুটা স্বৰ্ণ পদক—১৯৬৫ চনত দীনেশ খান্নাই পুৰুষৰ একক খিতাপ আৰু ২০২৩ চনত পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছিল সাতৱিকচাইৰাজ ৰেংকিৰেডী-চিৰাগ শ্বেট্টীয়ে।
২০২৬ চনৰ বেডমিণ্টন এছিয়ান চেম্পিয়নশ্বিপৰ বাবে ভাৰতৰ দল:
পুৰুষৰ একক: লক্ষ্য সেন, আয়ুষ শেট্টী, কিদাম্বী শ্ৰীকান্ত, এইচ. প্ৰাণনয়
পুৰুষৰ ডাবলছঃ হৰিহৰণ আমছাকৰুণন-এম.আৰ. অৰ্জুন, পৃথ্বী কে-ছাই প্ৰতীক কে
মহিলাৰ একক: পি.ভি. সিন্ধু, মালবিকা বনচোদ, উন্নতি হুদা, তনৱী শৰ্মা
মহিলা ডাবলছঃ কবিপ্ৰিয়া চেলভাম-চিমৰন সিংঘী, প্ৰিয়া কঞ্জেংবাম-শ্ৰুতি মিশ্ৰ, অশ্বিনী ভাট-কে-এছ গৌতম
মিক্সড ডাবলছঃ ধ্ৰুৱ কপিলা-তানিশা ক্ৰাষ্টো, ৰোহন কাপুৰ-ৰুথ্বিকা শিৱানী, অশিতা সূৰ্য্য-অমৃতা প্ৰমুথেশ
আয়ুষ শেট্টী
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া