বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপত সিন্ধুৰ ৰোমাঞ্চকৰ জয়, বাহিৰ হ’ল লক্ষ্য সেন
নিংবো, ০৮ এপ্ৰিল (হি.স.)। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. সিন্ধুৱে প্ৰথম ৰাউণ্ডৰ কঠিন প্ৰতিযোগিতাৰ অন্তত বুধবাৰে বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ ২০২৬ৰ দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায় । প্ৰায় দুমাহৰ অন্তত খেলপথাৰলৈ ঘূৰি অহা সিন্ধুৱে বিশ্বৰ ৩৮ নম্ব
भारतीय खिलाड़ी पीवी सिंधु


নিংবো, ০৮ এপ্ৰিল (হি.স.)। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. সিন্ধুৱে প্ৰথম ৰাউণ্ডৰ কঠিন প্ৰতিযোগিতাৰ অন্তত বুধবাৰে বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ ২০২৬ৰ দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায় । প্ৰায় দুমাহৰ অন্তত খেলপথাৰলৈ ঘূৰি অহা সিন্ধুৱে বিশ্বৰ ৩৮ নম্বৰ স্থানত থকা মালয়েছিয়াৰ ৱং লিং চিঙৰ বিৰুদ্ধে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

প্ৰথমখন খেলত ১৫-২১ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত সিন্ধুৱে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰি পৰৱৰ্তী দুখন খেলত ২১-১১, ২১-১৯ ব্যৱধানত জয়লাভ কৰে। এঘণ্টা সাত মিনিট ধৰি চলা খেলখনত জয়লাভ কৰাৰ পাছত এতিয়া তেওঁ দ্বিতীয় বাচনিৰ চীনৰ ৱাং জি য়িৰ বিৰুদ্ধে খেলিব।

ইয়াৰ পূৰ্বে আয়ুষ শ্বেট্টীয়ে বিশ্বৰ ৭ নম্বৰ আৰু যোৱা বছৰৰ ব্ৰঞ্জৰ পদক বিজয়ী লি ছি ফেঙক ২১-১৩, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি এক বৃহৎ ওলট পালটৰ সৃষ্টি কৰিছিল। ৫১ মিনিটত এই জয়ৰ পাছত এতিয়া আয়ুছে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেইৰ চি ইউ জেনৰ সৈতে মুখামুখি হ’ব।

অৱশ্যে ভাৰতৰ লক্ষ্য সেনে নিৰাশাৰ সন্মুখীন হৈ হংকঙৰ লি চেউক ইউৰ বিৰুদ্ধে ১২-২১, ১৯-২১ ব্যৱধানত পৰাস্ত হয়।

মহিলাৰ একক শাখাতো মালবিকা বনসোড় আৰু তনৱী শৰ্মাই নিজ নিজ মেচত পোনপটীয়া খেলত পৰাস্ত হৈ বাহিৰ হয়।

দিনটোৰ পিছৰ মেচসমূহত এইচ এছ প্ৰণয়, কিদাম্বি শ্ৰীকান্ত আৰু উন্নাতি হুডাক একক শাখাত একচনত দেখা যাব।

ভাৰতীয় ফলাফল (৩২ ৰাউণ্ড):

মহিলাৰ একক:

পিভি সিন্ধুৱে ৱং লিং চিং (মালয়েছিয়া)ক ১৫-২১, ২১-১১, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে

বুছানান অংবামৰুংফানে (থাইলেণ্ড) মালবিকা বনছোড়ক ২১-১০, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে

তনভি শৰ্মাক ২১-১৯, ২১-১৪ ব্যৱধানত পৰাস্ত কৰে কৰুপথেৱন লেটছানা (মালয়েছিয়া)য়ে

পুৰুষৰ একক:

আয়ুছ শ্বেট্টী [5] এ লি ছি ফেং (চীন)ক ২১-১৩, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে

লক্ষ্য সেনক ২১-১২, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে লি চেক ইউ (হংকং)য়ে

মহিলাৰ ডাবলছ:

লি য়ি জিং/লুও শ্বু মিন (চীন) যুটীটোৱে কবিপ্ৰিয়া চেলভাম/চিমৰন সিংঘীক ২১-৯, ২১-৮ ব্যৱধানত পৰাস্ত কৰে

হাথাইথিপ মিজাদ/নাপাপাকৰ্ণ টুংকাছাতান (থাইলেণ্ড)ৰ যুটীয়ে অশ্বিনী ভাট কে./শিখা গৌতমক ২১-১০, ২১-১০ ব্যৱধানত পৰাস্ত কৰে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande