
নতুন দিল্লী, ০৮ এপ্ৰিল (হি.স.)। ৰাজস্থানৰ বালোতৰা জিলাৰ পাচপাদ্ৰাত নিৰ্মাণ হৈ থকা এইচ পি চি এলৰ ৰাজস্থান শোধনাগাৰ লিমিটেড (এইচ আৰ আৰ এল) প্ৰকল্পৰ খৰচ আৰু ইকুইটি বিনিয়োগৰ সংশোধন কৰিছে কেন্দ্ৰীয় চৰকাৰে। সংশোধিত প্ৰকল্পৰ ব্যয় এতিয়া ₹৭৯,৪৫৯ কোটি ধৰা হৈছে ।
এই প্ৰকল্পই ভাৰতৰ শক্তিৰ স্বাৱলম্বীতা বৃদ্ধি কৰাৰ লগতে পেট্ৰ’কেমিকেল খণ্ডৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। ২০২৬ চনৰ ১ জুলাইৰ পৰা এই প্ৰকল্পটোৰ বাণিজ্যিক কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে এই পুনৰীক্ষণত অনুমোদন জনায় ৷ ইয়াৰ পূৰ্বে এই প্ৰকল্পৰ ব্যয় ৪৩,১২৯ কোটি ₹ বুলি অনুমান কৰা হৈছিল। হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডে এই প্ৰকল্পত ৮,৯৬২ কোটি ₹ৰ অতিৰিক্ত ইকুইটি বিনিয়োগো কৰিব।
কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াৰ দ্বাৰা শক্তি সুৰক্ষা বৃদ্ধি পাব, পেট্ৰ’কেমিকেলৰ বাবে আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস পাব, আৰু ঘৰুৱা উৎপাদন খণ্ড বৃদ্ধি পাব। ইয়াৰ দ্বাৰা অঞ্চলটোৰ ঔদ্যোগিক বিকাশৰ প্ৰসাৰ ঘটিব, স্থানীয় খাৰুৱা তেলৰ ব্যৱহাৰ হ’ব, ভাৰতক শোধন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হ’ব। ইয়াৰ ফলত উল্লেখযোগ্য নিয়োগৰ সুযোগ (প্ৰায় ২৫,০০০ চাকৰি) সৃষ্টি হ’ব আৰু সামগ্ৰিক অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব।
উল্লেখযোগ্য যে ৰাজস্থানৰ বালোতৰা জিলাৰ পাচপাদ্ৰাত অৱস্থিত এইচ আৰ এল হৈছে বছৰি ৯০ লাখ মেট্ৰিক টন (এম এম টি পি এ) ক্ষমতাসম্পন্ন গ্ৰীণফিল্ড শোধনাগাৰ-কম-পেট্ৰ’কেমিকেল কমপ্লেক্স। ইয়াৰ পেট্ৰ’কেমিকেল উৎপাদন ক্ষমতা বছৰি ২৪ লাখ মেট্ৰিক টন। এইচ আৰ এলে প্ৰকল্পটো ৰূপায়ণ কৰি আছে। এইচ আৰ এল হৈছে এইচ পি চি এল আৰু ৰাজস্থান চৰকাৰৰ যৌথ উদ্যোগ (জে ভি) য’ত ক্ৰমে ৭৪ শতাংশ আৰু ২৬ শতাংশ অংশীদাৰিত্ব আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া