
গোলাঘাট, ০৮ এপ্ৰিল (হি.স.)। সৰুপথাৰত সংঘটিত হৈছে খাদ্য বিষক্ৰিয়াৰ ঘটনা। সৰুপথাৰৰ কৰ্দৈগুৰি বৰনামঘৰত অখণ্ড ভাগৱত পাঠৰ প্ৰসাদ, খাদ্যত বিষক্ৰিয়া। ১৯ জনকৈ লোকৰ সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিষক্রিয়াত আক্ৰান্ত লোক সকলৰ জ্বৰ, বমি,শৌচ আৰু পেটৰ বিষত ভুগিছে ।
চিকিৎসকে জানিবলৈ দিয়া অনুসৰি খাদ্যত বিষক্ৰিয়া হৈছে। প্ৰথমতে এজন ৰোগী সোমবাৰে চিকিৎসালয়লৈ আহিছিল। কিন্তু ৰোগীৰ সংখ্যা পিছত ১৯ জনলৈ বৃদ্ধি পায়। গোলাঘাটৰ পৰা চিকিৎসকৰ দল আহি খাদ্যৰ নমুনা সংগ্ৰহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে। সৰুপথাৰ সমূহীয়া চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ বুজ লয় বিশ্বজিৎ ফুকনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ