পশ্চিম বংগৰ ৯ নং তুফানগঞ্জ বিধানসভা সমষ্টিত ভোটগ্ৰহণ
কোচবিহাৰ, ২৩ এপ্ৰিল (হি.স.)। আজি পশ্চিমবঙ্গত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মুঠ ১৬ খন জিলাৰ ১৫২ খন বিধানসভা সমষ্টি অনুষ্ঠিত হৈ আছে নিৰ্বাচন । আজি মুঠ ১৪৭২ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ভোটাৰ ৰাইজে । সমান্তৰাল ভাৱে ৯ নং তু
পশ্চিম বংগৰ ৯ নং তুফানগঞ্জ বিধানসভা সমষ্টিত ভোটগ্ৰহণ


কোচবিহাৰ, ২৩ এপ্ৰিল (হি.স.)। আজি পশ্চিমবঙ্গত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মুঠ ১৬ খন জিলাৰ ১৫২ খন বিধানসভা সমষ্টি অনুষ্ঠিত হৈ আছে নিৰ্বাচন । আজি মুঠ ১৪৭২ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ভোটাৰ ৰাইজে । সমান্তৰাল ভাৱে ৯ নং তুফানগঞ্জ বিধানসভা সমষ্টিতো চলিছে নিৰ্বাচন ।

৯ নং তুফানগঞ্জ বিধানসভাত তৃণমূল কংগ্ৰেছৰ শিৱশঙ্কৰ পাল বিজেপিৰ মালতী ৰাভা ৰায়, কংগ্ৰেছৰ দেৱেন্দ্ৰ নাথ বৰ্মাৰ লগতে আছে আঠ জন কৈ প্ৰাৰ্থী । সমষ্টিটোত মুঠ ভোট ২৪০০৫৩ জন ইয়াৰে ১২৩২৮৮ পুৰুষ ভোটাৰৰ বিপৰীতে ১১৬৭৬৪ মহিলা ভোটাৰ । এইবাৰ পশ্চিম বংগত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত হব মূল প্ৰতিদ্বন্দ্বিতা । প্ৰতিটো বিধান সভা সমষ্টিতে নিয়োগ কৰা হৈছে বংগ আৰক্ষী, নিৰাপত্তাৰক্ষী । মুঠৰ ওপৰত কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈ আছে ভোটগ্ৰহন ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande