ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত পঞ্জাৱ আৰক্ষীৰ এটা দল
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰে পঞ্জাৱ আৰক্ষীৰ এটা দল।
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত পঞ্জাৱ আৰক্ষীৰ এটা দল


ডিব্ৰুগড়, ২৩ এপ্ৰিল (হি.স.): ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰে পঞ্জাৱ আৰক্ষীৰ এটা দল।খদূৰ চাহাবৰ সাংসদ তথা খালিস্তান সমৰ্থক অমৃতপল সিঙক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰাৰ সময়সীমা ২২ এপ্ৰিলত শেষ হৈছে। এন এছ এৰ অধীনত প্ৰায় তিনি বছৰ ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল তেওঁ।

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলেও অমৃতপল সিঙক অৱশ্যে অন্য এটা গোচৰৰ সন্দৰ্ভত পুনৰ গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে । পঞ্জাৱৰ অজনলা থানাত ৰুজু হোৱা গোচৰত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি জানিব পৰা গৈছে। পুনৰ গ্ৰেপ্তাৰৰ পিছত তেওঁ একেটা কাৰাগাৰতে ৰখাৰ সম্ভাৱনা আছে।পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মানি পঞ্জাৱ আৰক্ষীয়ে এই সমগ্ৰ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কথা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande