মেৰাপানীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ
গোলাঘাট, ২৩ এপ্ৰিল (হি.স.)।গোলাঘাট জিলাৰ মেৰাপানীত আৰক্ষীয়ে অভিযান চলাই নগালেণ্ডলৈ গোপনে সৰবৰাহ কৰাৰ উদ্দেশ্যে অনা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, এএছ ০১ চিচি ২১৪৩ নম্বৰৰ এখন ট্ৰাকত চিমেন্টৰ বস্তাৰ মাজত লুকুৱাই অনা অৱস্
মেৰাপানীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ


গোলাঘাট, ২৩ এপ্ৰিল (হি.স.)।গোলাঘাট জিলাৰ মেৰাপানীত আৰক্ষীয়ে অভিযান চলাই নগালেণ্ডলৈ গোপনে সৰবৰাহ কৰাৰ উদ্দেশ্যে অনা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, এএছ ০১ চিচি ২১৪৩ নম্বৰৰ এখন ট্ৰাকত চিমেন্টৰ বস্তাৰ মাজত লুকুৱাই অনা অৱস্থাত এই সুৰাখিনি জব্দ কৰা হয়। এই চিমেন্টসমূহ তেজপুৰৰ বালিপাৰাৰ পৰা উঠোৱা হৈছিল বুলি জানিব পৰা গৈছে।

মেৰাপানী আৰক্ষীয়ে অভিযান চলাই ট্ৰাকখন আটক কৰাৰ লগতে গাড়ীখনৰ চালক আৰু হেন্দিমেনক গ্ৰেপ্তাৰ কৰে। আটক কৰা চালকজন মনিপুৰৰ ললিত সিং আৰু হেন্দিমেনজনৰ নাম প্ৰেম কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

জব্দকৃত সুৰাসমূহৰ ভিতৰত অল্ড মক ৰম আৰু বিয়েৰ অন্তৰ্ভুক্ত আছে বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লক্ষাধিক টকা।

এই ঘটনাৰ সৈতে জড়িত আন কোনো লোক জড়িত আছে নে নাই সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande