
গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই বিগত বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ইয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মালবাহী ৰে'লৰ পৰিচালনত এক প্ৰশংসনীয় প্ৰদৰ্শন কৰিছে। উন্নত আন্তঃগাঁথনি, উন্নত টাৰ্মিনেল ব্যৱস্থাপনা আৰু ষ্টেকহল্ডাৰ সৈতে ঘনিষ্ঠ সমন্বয় সাধন কৰি, উত্তৰ পূৱ সীমান্ত ৰেলৱেই খাদ্যশস্য, সাৰ, কয়লা, চিমেণ্ট আৰু পেট্ৰ'লিয়াম সামগ্ৰীৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰী সমূহৰ দক্ষ আৰু সময়মতে পৰিবহন নিশ্চিত কৰি তুলিছে।
এই জ'নটোৱে লোডিং দক্ষতা আৰু টাৰ্ন এৰাউণ্ড সময় বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে মালবাহী ৰে'ল পৰিবহন বৃদ্ধি আৰু সম্পদৰ ব্যৱহাৰ উন্নত কৰিছে। গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সুব্যৱস্থিত বুকিং প্ৰক্ৰিয়া, বাস্তৱ-সময়ৰ ট্ৰেকিং আৰু মালবাহী টাৰ্মিনেলৰ বিকাশ, যি মাল পৰিবহনৰ নতুন ধাৰাক আকৰ্ষণ কৰাৰ লগতে উদ্যোগ সমূহৰ সৈতে বিদ্যমান অংশীদাৰীত্ব শক্তিশালী কৰাত সহায় কৰি তোলে।
উত্তৰ পূৱ সীমান্ত ৰেলৱেই ২০২৫-২৬ বিত্তীয়বৰ্ষৰ সময়ছোৱাত মুঠ ১১.৪ নিযুত টন (এমটি) মালবাহী ৰে'লৰ লোডিং প্ৰাপ্ত কৰিছে, যি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তুলনাত ৬% অধিক বৃদ্ধি। এই বৃদ্ধিয়ে সামগ্ৰী পৰিবহনৰ দক্ষতাৰ উন্নতকৰণ কৰা আৰু মালবাহী ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত সংমণ্ডলটোৰ অবিৰত গুৰুত্বকেই প্ৰতিফলিত কৰিছে। বছৰটোৰ ১,৪৮৮ ৰেকলোড কৰাৰ সৈতে সামগ্ৰীসমূহৰ ভিতৰত, পেট্ৰ'লিয়াম তেল আৰু লুব্ৰিকেণ্টে (পিঅ'এল) হৈছে ইয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰী যেনে-চিমেণ্ট, ষ্টোন চিপচ, ডলমাইট আৰু বেম্বো চিপসমূহৰো পৰিবহন উল্লেখযোগ্য ভাৱে বৃদ্ধি হৈছে, যি মালবাহী ৰেলৰ পৰিবহনৰ সামগ্ৰিক বৃদ্ধিত অৰিহণা যোগাইছে।
মালবাহী ৰে'লৰ পৰিচালনতো গুৰুত্বপূৰ্ণ অগ্ৰগতি দেখা গৈছে, মালবাহী ৰেকৰ মুঠ আনলোডিং ৬৮৮ ৰেকলৈ বৃদ্ধি হৈছে যি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ১২,৩৪৬ ৰেকৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ১৩,০৩৪ ৰেকলৈ বৃদ্ধি হয়। এই বৃদ্ধিয়ে উন্নত টাৰ্মিনেল উৎপাদনশীলতা আৰু মণ্ডলসমূহৰ মাজত উন্নত সমন্বয়ৰ ওপৰতেই গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও, মুখ্যসামগ্ৰী সমূহৰ আনলোডিঙৰ প্ৰদৰ্শনে উৎসাহজনক ভাৱে বৃদ্ধি ৰেকৰ্ড কৰিছে। অটোমোবাইলৰ পৰিবহন ২২%, আনহাতে চিমেণ্টৰ আনলোডিং ১৮% বৃদ্ধিহৈছে। ষ্টোন চিপছ, খাদ্যশস্য (এফচিআই) আৰু সাৰখণ্ডইয়ো ইতিবাচক উন্নয়নৰ প্ৰৱণতা দেখুৱাইছে।
টাৰ্মিনেল স্তৰত, কেইবাটাও ষ্টেচনে আনলোডিঙৰ কাম-কাজত শক্তিশালী প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। বাইহাটা ষ্টেচনে ২৪% বৃদ্ধিৰ সৈতে শীৰ্ষ প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হৈছে, তাৰ পিছত চাংসাৰি আৰু ষ্টাৰটাৰ্মিনেল, প্ৰত্যেকৰে ১৮% বৃদ্ধি হৈছে। আজাৰা আৰু জিৰানীয়াৰ দৰে টাৰ্মিনেল সমূহেও স্থিতিশীল অগ্ৰগতি প্ৰদৰ্শন কৰি সংমণ্ডলটোৰ লজিষ্টিক নেটৱৰ্কক অধিক শক্তিশালী কৰি তোলে।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সামগ্ৰিক প্ৰদৰ্শনে পৰিচালন উৎকৃষ্টতা, আন্তঃগাঁথনিৰ বিকাশ আৰু গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপৰ প্ৰতি ইয়াৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। গুৰুত্বপূৰ্ণ মালবাহী খণ্ড আৰু টাৰ্মিনেল সমূহত অবিৰত গতিশীলতাৰ সৈতে, উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশক সহাঁৰি জনোৱাৰ বাবে আৰু অনাগত বছৰ সমূহত মালবাহী ৰে'লৰ প্ৰদৰ্শন অধিক বৃদ্ধি কৰাৰ অৰ্থে উত্তৰ পূৱ সীমান্ত ৰেলৱেই ইয়াৰ মালবাহী ক্ষমতা অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী