(আপডেট) বিকশিত আৰু সুৰক্ষিত অসমৰ প্ৰতিশ্ৰুতিৰে অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি
–সুৰক্ষিত আৰু সমূদ্ধিশালী অসমৰ স্বাৰ্থত ১৮ টা সংকল্প গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে৷ দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অগপৰ বিষয়ববীয়া
অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি


–সুৰক্ষিত আৰু সমূদ্ধিশালী অসমৰ স্বাৰ্থত ১৮ টা সংকল্প

গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে৷ দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অগপৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এই নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰে অগপৰ উপ সভাপতি জয়নাথ শৰ্মা, সাধাৰণ সম্পাদক কমলা কলিতা, মনোজ শইকীয়া আৰু তুলাৰাম গগৈয়ে৷ অগপই বিকশিত আৰু সুৰক্ষিত অসম গঢ়াৰ স্বাৰ্থত প্ৰধানকৈ ১৮টা সংকল্প প্ৰকাশ কৰিছে৷ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশিত সংকল্পসমূহ হ’ল—

অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰা। সাংবিধানিক ৰক্ষাকৱচৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভাষিক, সাংস্কৃতিক সুৰক্ষা তথা বিকাশ নিশ্চিত কৰা। খিলঞ্জীয়া জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ বিষয়টো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰত গুৰুত্ব প্ৰদান কৰা।

অসমৰ যুৱক-যুৱতীসকলক কেৱল চৰকাৰী খণ্ডতে নহয়, বেচৰকাৰী খণ্ডতো নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰা। ৰাজ্যখনত স্থানীয় সম্পদৰ ভিত্তিত উদ্যোগ স্থাপনৰ লগতে ব্যৱসায়-বাণিজ্য আদিৰ জৰিয়তে কৰ্ম সংস্থাপনত গুৰুত্ব আৰোপ কৰা হ'ব। ইয়াৰ বাবে সুস্থ নীতি উদ্ভাৱন আৰু ৰূপায়ণত অগ্রাধিকাৰ প্রদান কৰি এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াত গুৰুত্ব প্রধান হ'ব।

কৃষি অসমৰ চালিকাশক্তি, যিয়ে ৰাজ্যখনৰ অৰ্থনীতি আৰু জীৱিকাৰ অপাৰ শক্তি, সম্ভাৱনা কঢ়িয়াই আনিছে। কৃষি খণ্ডৰ অপৰিসীম সম্ভাৱনাক হৃদয়ংগম কৰি কৃষি আৰু আনুষংগিক খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উদ্ভাৱনীমূলক নীতি আৰু দূৰদৰ্শী পদক্ষেপ গ্রহণ কৰাত গুৰুত্ব প্রদান কৰা হ'ব।

ৰাজ্যখনৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ জৰিয়তে স্থানীয় উৎপাদকসকলক উৎসাহিত কৰিবলৈ গুৰুত্ব প্রদান কৰা হ'ব।

অসম গণ পৰিষদ দলে ৰাজ্যৰ নতুন প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত শৈক্ষিক খণ্ডৰ উত্তৰণৰ পোষকতা কৰে। এই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে গুৰুত্ব প্রদান কৰিব।

স্বাস্থ্য খণ্ডত এনডিএ-ৰ বিগত দুটা কার্যকালত আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি সাধন হৈছে। আধুনিক চিকিৎসা ব্যৱস্থাই নতুন ৰূপ পাইছে। ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ জনসাধাৰণৰ বাবে সুলভ চিকিৎসা সেৱা উপলব্ধ কৰাৰ দিশত নতুন পদক্ষেপেৰে স্বাস্থ্যখণ্ডক আৰু অধিক গতিশীল কৰাত গুৰুত্ব প্রদান কৰা হ'ব।

অসম গণ পৰিষদ দলে অসমৰ বানপানী আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই আহিছে। আগন্তুক দিনত এই আহ্বান কাৰ্যকৰী কৰাৰ বাবে অগপই অধিক গুৰুত্ব প্রদান কৰিব।

অসম গণ পৰিষদ দলে অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগতে সকলো থলুৱা ভাষা তথা সংস্কৃতিৰ উন্নয়ন, বিকাশত গুৰুত্ব দিব। জুবিন গাৰ্গৰ নামেৰে এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু এটা বিশাল অত্যাধুনিক সাংস্কৃতিক কেন্দ্র গঢ়ি তোলাত গুৰুত্ব প্রদান কৰিব। গুৱাহাটীৰ সোণাপুৰৰ জুবিন ক্ষেত্রক অসমৰ স্বাভিমান প্রতিফলিত হোৱাকৈ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট পক্ষক দৃষ্টিগোচৰ কৰিব। ভাৰতৰ প্রতিষ্ঠিত বিশ্ববিদ্যালয়সমূহত অসমৰ মহান মনীষীসকলৰ নামত আসন প্রতিষ্ঠা কৰিবলৈ গুৰুত্ব প্রদান কৰিব।

সংবিধানৰ ষষ্ঠ অনুসূচীত বিটিআৰ, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তপৰিষদ গঠিত হ'লেও ইয়াৰ বাহিৰত থকা জনজাতিসকলৰ সৰ্বাংগীণ উত্তৰণৰ বাবে গুৰুত্ব প্রদান কৰিব।

অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবেও অগপই অধিক গুৰুত্ব প্রদান কৰিব।

চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে ভূমি পট্টা প্রদানকে ধৰি ইতিমধ্যে এনডিএ মিত্ৰজোঁটৰ চৰকাৰে যুগান্তকাৰী বহু পদক্ষেপ লৈছে। জনগোষ্ঠীটোৰ অধিক কল্যাণ অব্যাহত ৰাখিবলৈ গুৰুত্ব প্ৰদান কৰিব।

সাম্প্রতিক সময়ত পৰিৱেশ সংৰক্ষণত সমগ্ৰ বিশ্বতে গুৰুত্ব আৰোপ কৰা হৈছে। পৰিৱেশ সংৰক্ষণৰ বিষয়ত অসম গণ পৰিষদে বৈজ্ঞানীক ব্যৱস্থাৰে আগবাঢ়ি যোৱাত গুৰুত্ব দিব।

জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ সৰ্বাংগীণ উত্তৰণৰ বাবে নতুন আঁচনি গ্রহণ কৰাৰ বাবে সংশ্লিষ্ট পক্ষক পৰামৰ্শ প্রদান কৰিব।

ক্রীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰতি অগ্ৰাধিকাৰ। লগতে ক্রীড়া প্রতিভাসকলক উৎসাহিত কৰাৰ বাবে উদ্ভাৱনীমূলক আঁচনি ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হ'ব।

নতুন শিক্ষানীতিৰ আধাৰত সৰ্বভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিব পৰাকৈ অসমৰ ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰি তুলিবলৈ নতুন পাঠ্যক্রম প্ৰৱৰ্তনত গুৰুত্ব দিব।

আমাৰ ৰাজ্যখন প্রাকৃতিক সম্পদত যথেষ্ট চহকী। প্রাকৃতিক সম্পদসমূহৰ জৰিয়তে বৰ্তমানতকৈ অসম অধিক লাভৱান্বিত হ'ব পৰাকৈ গুৰুত্ব প্রদান কৰা হ'ব।

ৰাজ্যখনৰ উদ্যোগিক বিকাশৰ বাবে আন্তঃগাঁথনি ক্ষিপ্ৰভাৱে সবল কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। থলুৱা ব্যক্তিগত খণ্ডৰ উদ্যোগীসকলক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত নতুন পৰিকল্পনাৰে উৎসাহিত কৰাত গুৰুত্ব প্রদান কৰা হ'ব।

চৰকাৰী ভূমিত সংগঠিত ৰূপত কৃষিকার্য কৰি ৰাজ্যখনক জৈৱিক কৃষি উৎপাদনৰ কেন্দ্ৰস্থল ৰূপে গঢ়াত গুৰুত্ব প্রদান কৰা হ'ব।

ইয়াৰোপৰি “ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উপাৰ্জন” শীর্ষক অভিলাষী কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব প্রদান, জনতাতিসকলৰ সকলো স্বাৰ্থ সুৰক্ষিত ৰাখি ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সমর্থন জনাই জনজাতি আৰু অনুসূচিত জাতিৰ সুৰক্ষা আৰু উন্নয়ন সু-নিশ্চিতকৰণ, অসমত অৱস্থিত সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত যোগ্যতা অনুসৰি থলুৱা নিযুক্তিৰ ব্যৱস্থা সুনিশ্চিত কৰা, গ্রাম্য পর্যটনক উদ্যোগৰূপে গঢ়ি তোলাত গুৰুত্ব, অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত অসম গঢ়াত গুৰুত্ব, খিলঞ্জীয়া অধিবাসীৰ অধিকাৰ সুনিশ্চিত কৰি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত পাৰস্পৰিক সদ্ভাৱ, সহযোগিতা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টিৰে উন্নয়নত গুৰুত্ব প্রদান, বিশুদ্ধ খোৱাপানী আৰু সুলভ বিদ্যুৎ যোগান, ড্ৰাগছমুক্ত অসমৰ গঢ়াত অধিক গুৰুত্ব প্রদান আৰু

দুর্নীতিমুক্ত, স্বচ্ছ, দায়বদ্ধ আৰু সক্ষম প্রশাসন ব্যৱস্থাত গুৰুত্ব প্রদান আদি সন্নিৱিষ্ট কৰি অগপই নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande